গোৱালপাৰাৰ ক’ভিড ১৯ মহামাৰী প্ৰতিৰোধী ব্যৱস্থাৰ বুজ ল’লে মুখ্যমন্ত্ৰীয়েঃউপায়ুক্ত বৰ্ণালী ডেকাৰ মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ ১০,৮০,৫৭৯ টকা ------------- লক ডাউন অব্যাহত থকাৰ মাজতে আজি গোৱালপাৰা জিলাত উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ মুখ্যমন্ত্ৰী সোণোৱালে আজি গোৱালপাৰাত উপস্থিত হৈ ক’ভিড ১৯ মহামাৰী প্ৰতিৰোধ আৰু লক ডাউনৰ সময়ছোৱাত গোৱালপাৰা জিলা প্ৰশাসনে লোৱা পদক্ষেপ সমূহৰ বুজ লয় ৷ গোৱালপাৰাত উপস্থিত হৈ মুখ্যমন্ত্ৰীয়ে পোণতে গোৱালপাৰা মহাবিদ্যালয়ত জিলা প্ৰশাসনে সাজু কৰি ৰখা কোৱাৰাইন্টেন চেন্টাৰটো পৰিদৰ্শন কৰে ৷ মুখ্যমন্ত্ৰীয়ে কোৱাৰেন্টাইন চেন্টাৰত উপলব্ধ কৰোৱা সা-সুবিধা খিনি প্ৰত্যক্ষ কৰি সন্তোষ প্ৰকাশ কৰে ৷ ইয়াৰ পিছতে মুখ্যমন্ত্ৰীয়ে গোৱালপাৰা জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা প্ৰশাসন, আৰক্ষী প্ৰশাসন, স্বাস্থ্য বিভাগ, খাদ্য আৰু অসামৰিক যোগান বিভাগ, জনস্বাস্থ্য কাৰিকৰী বিভাগ, কৃষি বিভাগ, পশুপালন বিভাগ, পৰিবহণ বিভাগ আৰু শক্তি বিভাগৰ বিষয়া সকলৰ লগত এখন সভাত অংশ গ্ৰহণ কৰে ৷ এই সভাত ক’ভিড ১৯ মহামাৰীৰ ক্ষেত্ৰত গোৱালপাৰা জিলা প্ৰশাসনে লোৱা পদক্ষেপ সমূহৰ খতিয়ান আৰু লক ড
Comments
Post a Comment