ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ নৱনিৰ্মিত ধুবুৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত আকষ্মিক ভ্ৰমণ – অহা ২৮ এপ্ৰিলৰ দিনা ভাৰ্চুয়াল মাধ্যমেৰে প্ৰধানমন্ত্ৰী মোদীয়ে আধাৰশিলা স্থাপন কৰিব ধুবুৰীৰ নতুন কৰ্কট চিকিৎসালয়ৰ নিৰ্মাণৰ কাম

ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ নৱনিৰ্মিত ধুবুৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত আকষ্মিক ভ্ৰমণ – অহা ২৮ এপ্ৰিলৰ দিনা ভাৰ্চুয়াল মাধ্যমেৰে প্ৰধানমন্ত্ৰী মোদীয়ে আধাৰশিলা স্থাপন কৰিব ধুবুৰীৰ নতুন কৰ্কট চিকিৎসালয়ৰ নিৰ্মাণৰ কাম

ধুবুৰী, ২২ এপ্ৰিল


ধুবুৰীকে ধৰি পশ্চিম অসমৰ ৰাইজৰ বাবে সুখৱৰ। ‘টাটা  ট্ৰাষ্ট’ৰ সহযোগত অতি শীঘ্ৰে এখন কৰ্কট চিকিৎসালয় এখনৰ নিৰ্মাণৰ কাম আৰম্ভ হ’ব ধুবুৰীত।  অহা ২৮ এপ্ৰিলত ডিব্ৰুগড়ৰ পৰা দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰ্চুৱেল পদ্ধতিৰে ধুবুৰী কৰ্কট চিকিৎসালয়খনৰ নিৰ্মাণৰ কামৰ আধাৰশিলা স্থাপন কৰিব। আজি সেই আধাৰশিলা স্থাপন অনুষ্ঠানৰ কাম–কাজৰ অগ্ৰগতিৰ  অকষ্মাতে ধুবুৰীত আহি উপস্থিত হয় ৰাজ্যৰ স্বাস্থ্য বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত। প্ৰায় ৫০ বিঘা মাটিত নিৰ্মাণ হ’বলগীয়া কৰ্কট চিকিৎসালয়খনৰ স্থান পৰিদৰ্শন কৰাৰ  ল’গতে ২৮ এপ্ৰিলৰ দিনা ভাৰ্চুৱাল মাধ্যমেৰে মাধ্যমেৰে মোদীয়ে কৰিবলগীয়া আধাৰশিলা স্থাপন কাৰ্যসূচীৰ কামৰ অগ্ৰগতিৰো বুজ ল’য় মন্ত্ৰীগৰাকীয়ে। স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই নৱনিৰ্মিত ধুবুৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ো পৰিদৰ্শন কৰে আৰু ৰাষ্ট্ৰীয় আয়ুৰ্বিজ্ঞান আয়োগৰ বিধিগত অনুমতি লাভৰ বাবে প্ৰয়োজনীয় যোগ্যতাৰ মানকসমূহ সম্পূৰ্ণকৰণৰ দিশত লোৱা কাৰ্যব্যৱস্থাৱলীৰ অগ্ৰগতিও নিৰীক্ষণ কৰে।  ৰাজ্যৰ চিকিৎসা শিক্ষা সঞ্চালক ডাঃ অনুপ কুমাৰ বৰ্মন, ধুবুৰীৰ আৰক্ষী অধীক্ষক অভিজিত গুৰাৱ, ধুবুৰী চিকিৎসা মহাবিদ্যালয়ৰ নৱনিযুক্ত অধ্যক্ষা ডাঃ অংকুমণি শইকীয়া, চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ অধীক্ষক ডাঃ গুণজিৎ দাস, ধুবুৰী জিলাৰ যুঁটীয়া স্বাস্থ্যসেৱা সঞ্চালক ডাঃ ইমদাদ উল্লাহকে ধৰি  ধুবুৰী চিকিৎসা মহাবিদ্যালয়ৰ নৱনিযুক্ত বিভাগীয় মূৰব্বী, অধ্যাপক-অধ্যাপিকা, ছিনিয়ৰ ৰেছিডেণ্টসকল, লোকনিৰ্মাণ বিভাগ (গৃহ আৰু বৈদ্যুতিক)ৰ বিষয়া-অভিযন্তা আৰু নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ কাৰ্যবাহীৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকতো মিলিত হয় তেওঁ। জানিব পৰা মতে, ৰাজ্য চৰকাৰ তথা স্বাস্থ্য বিভাগে আগন্তুক চিকিৎসা শিক্ষা বৰ্ষৰ পৰাই নৱনিৰ্মিত ধুবুৰী চিকিৎসা মহাবিদ্যালয়ত এমবিবিএছৰ পাঠ্যক্ৰম শুভাৰম্ভ কৰিব পৰাকৈ ৰাষ্ট্ৰীয় আয়ুৰ্বিজ্ঞান আয়োগ (এনএমচি)ৰ পৰা প্ৰয়োজনীয় অনুমোদন আহৰণৰ প্ৰক্ৰিয়া  ইতিমধ্যে আৰম্ভ কৰিছে আৰু এইবছৰৰ চেপ্টেম্বৰ মাহত এমবিবিএছৰ পাঠ্যক্ৰমৰ নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।

প্ৰেৰক- ধুবুৰীৰ পৰা জিতু মণি দাস

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা