আৰম্ভ হ'ল ডিজিটেল কাকত সংস্কৰণ

আৰম্ভ হ'ল ডিজিটেল কাকত সংস্কৰণ

ষ্টাফ ৰিপোৰ্টাৰ, এফ এন আৰ : ৰাজ্যৰ অন্যতম পুৰণি ডিজিটেল মিডিয়া ফাৰ্ষ্ট নিউজ ৰিপোৰ্টে এক নতুন ধাৰণাৰে মুকলি কৰিলে ডিজিটেল কাকত সংস্কৰণ । ফাৰ্ষ্ট নিউজ ৰিপোৰ্টৰ বিভিন্ন চছিয়েল মিডিয়া প্লেটফৰ্মৰ লগতে অনাগত দিনত ই-পেপাৰ ৰূপেও উপলব্ধ হ'ব । যিদৰে নিউজ পোৰ্টেলৰ ধাৰণাটো এটা সময়ত ৰাজ্যত নতুন আছিল আৰু বৰ্তমান ৰাজ্যৰ সংবাদ আৰু সমাজ জীৱনত এই মাধ্যমে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে একেদৰে বৰ্তমান সংবাদ পত্ৰ সমূহৰ ডিজিটেল সংস্কৰণ ই-পেপাৰসমূহে জনপ্ৰিয়তা অৰ্জন কৰিছে একেদৰে ডিজিটেল কাকতৰ ধাৰণাটোৱো অনাগত দিনত জনপ্ৰিয়তা অৰ্জন কৰাৰ সম্ভাৱনা আছে। সময়ৰ আহ্বান তথা অনাগত সময়ৰ চাহিদাৰ প্ৰতি দৃষ্টি ৰাখি এ.ডি. মিডিয়াই ফাৰ্ষ্ট নিউজ ৰিপোৰ্টৰ ডিজিটেল কাকত সংস্কৰণ মুকলি কৰাৰ এই পদক্ষেপ গ্ৰহণ কৰিছে। এই ডিজিটেল কাকতৰ পৃষ্ঠা ব্লগযোগে www.fnrdigitalpaper.blogspot.com যোগেও পঢ়িব পাৰিব।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা