এমজিএনৰেগা আচঁনি ৰূপায়ণত সফলতাৰ শীৰ্ষত বৰপেটা জিলা

# এমজিএনৰেগা আচঁনি ৰূপায়ণত সফলতাৰ  শীৰ্ষত  বৰপেটা জিলা #


প্ৰদীপ কুমাৰ সৰকাৰ,বৰপেটা,২৪ এপ্ৰিলঃ মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য ৰাষ্ট্ৰীয় নিয়োগ নিশ্চিত  আচঁনি চমুকৈ এম জি এনৰেগা  ৰূপায়ণত ৰাজ্যৰ ভিতৰত শীৰ্ষ স্থান লাভ কৰিব সক্ষম হৈছে বৰপেটা জিলাই  ৷ বৰপেটা জিলাৰ উপায়ুক্ত তেজ প্ৰসাদ ভূষাল আৰু বৰপেটা জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী  বিষয়া মনোজ কুমাৰ চিকাৰীয়াৰ তৎপৰতাৰ বাবে জিলাখনত এম জি এনৰেগা  আচঁনি  সফল হবলৈ সক্ষম হৈছে বুলি বিভাগীয় সূত্রে জানিব পৰা গৈছে৷ উল্লেখ্য যে , বিত্তীয় বৰ্ষত এম জি এনৰেগা আচঁনিৰ অধীনত বৰপেটা জিলাই অসমৰ ভিতৰত সৰ্বোচ্চ ১৭৬০৪৫ টা পৰিয়ালক কৰ্ম প্ৰদান কৰি মুঠ ৭৬.১২ লাখ কৰ্ম দিন সৃষ্টি কৰিবলৈ সক্ষম হৈছে ৷ উক্ত আচঁনিৰ অধীনত  বৰপেটা জিলাই যোৱা বিত্তীয় বৰ্ষত  মুঠ ১০৬৫৫ টা পৰিয়ালক ১০০ দিনৰ কাম প্ৰদান কৰি জিলাখনে অসমৰ ভিতৰত প্ৰথম স্থান লাভ কৰিব সক্ষম হৈছে ৷ ইপিনে  বৰপেটা জিলাত এম জি এনৰেগা  আচঁনিৰ অধীনত পঞ্জীয়নভুক্ত মুঠ ৩০০১৪৩ গৰাকী সক্ৰিয় জবকাৰ্ড প্ৰাপ্ত ব্যক্তিৰ ভিতৰত চৰকাৰী নিৰ্দেশনা নং ডি আৰ ডি -১৫/ ৩৬/২০১৭/১০০ , তাৰিখ ০৯/১১/২০২১ অনুসৰি বৰ্তমান লৈকে অসমৰ সৰ্বোচ্চ ২০২৫৪৮ গৰাকী ব্যক্তিৰ বিপৰীতে আধাৰ নম্বৰ সংযোজিত কৰি বৰপেটা জিলাই  ৰাজ্যৰ ভিতৰত দ্বিতীয় স্থান লাভ কৰিছে ৷ আনহাতে যোৱা বিত্তীয় বৰ্ষত বৰপেটা জিলাই ১১ টা উন্নয়ন খণ্ডৰ অৰ্ন্তভূক্ত মুঠ ৬৬৩৫ টা আচঁনিৰ কাম সম্পূৰ্ণ কৰি  অসমৰ ভিতৰত চতুৰ্থ স্থান লাভ কৰিছে  ৷ তদুপৰি যোৱাটো বিত্তীয় বৰ্ষৰ শেষৰ পৰ্যায়ত বৰপেটা জিলাৰ প্ৰায়বোৰ গাঁও পঞ্চায়তত এম জি এনৰেগা আচঁনিৰ অধীনত চলি থকা ৰাজহুৱা আচঁনিৰ সংখ্যা কমি আহিছিল ৷চলিত বিত্তীয় বৰ্ষ অৰ্থাৎ ২০২২- ২৩ বৰ্ষত জবকাৰ্ড প্ৰাপ্ত পৰিয়াল সমূহে বিচৰা ধৰণে কাম প্ৰদান কৰিবলৈ  খণ্ড উন্নয়ন বিষয়া সকলে প্ৰেৰণ কৰা প্ৰাধান্য আচঁনিৰ পৰা  ২২৪০ টা নতুন আচঁনিত চৰকাৰী নিয়ম অনুসৰি অনুমোদন দিয়া হৈছে ৷ যাতে কোনো জবকাৰ্ড প্ৰাপ্ত পৰিয়ালে কৰ্মৰ পৰা বঞ্চিত নহয় তাৰ বাবে মুখ্য কাৰ্যবাহী বিষয়া গৰাকীয়ে বিশেষ নজৰ ৰাখিছে  ৷  কিয়নো এম জি এনৰেগা আচঁনিৰ জৰিয়তে জিলাখনৰ দৰিদ্ৰ  লোকসকলৰ জীৱন ধাৰণৰ মান উন্নত কৰাৰ লগতে আৰ্থ সামাজিক দিশটো উন্নত কৰাৰ বাবে  জিলা উপায়ুক্ত আৰু মুখ্য কাৰ্যবাহী বিষয়া দ্বয়ে  প্ৰচেষ্টা লৈছে ৷ আনকি জিলা  উপায়ুক্ত আৰু মুখ্য কাৰ্যবাহী বিষয়া গৰাকীয়ে চৰকাৰী বন্ধৰ দিনটো এম জি এনৰেগা আচঁনিৰ কাম বোৰ তদাৰক কৰা পৰিলক্ষিত হৈছে ৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা