৩০ এপ্রিলৰ পৰা ০২ মে তাৰিখ পৰ্যন্ত তিনিওটা দিন পৰ্যন্ত দোকান আৰু আবাসগৃহ সমূহৰ সম্মুখভাগ চাফা কৰি ৰাখিবলৈ নিৰ্দ্দেশ শিৱসাগৰ পৌৰসভাৰ*

*

*দৈনিক আমাৰ প্ৰণাম,শিৱসাগৰ ,২৯এপ্ৰিলঃ**ছশবছৰীয়া আহোম ৰাজশাসনৰ গৰিমাৰে গৰ্বিত শিৱসাগৰ জিলা । অসমীয়া জাতিৰ পৰিচয় বহনকাৰী ৰংঘৰ-কাৰেংঘৰ, দৌল-দেৱালয় আৰু পুখুৰী ইত্যাদি ঐতিহাসিক সমলবোৰে বিশ্ব পর্যটন ক্ষেত্রখনিত এক আকর্ষণীয় ভূমিকা পালন কৰিছে। এই ঐতিহাসিক চহৰখনত অহা ০২ মে', ২০২২ তাৰিখে ভাৰতৰ  প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ আহ্বান মৰ্ম্মে যোগ দিবসলৈ ৫০ দিন থকাৰ প্ৰাক্‌মূহুৰ্তত ১০ (দহ) হাজাৰ লোকৰ উপস্থিতিত এক সুবিশাল কাৰ্য্যসূচী গ্রহণ কৰা হব। উক্ত কাৰ্য্যসূচীত বন্দৰ, জাহাজ আৰু জলপথ আৰু আয়ুস দপ্তৰৰ কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোনোৱাল,  অসমৰ মূখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্ম্মা আৰু উত্তৰ পূর্বাঞ্চলৰ মুখ্যমন্ত্রী সকলে অংশ গ্রহণ কৰিব। ভাৰত চৰকাৰৰ আয়ুস মন্ত্রণালয়ৰ উদ্যোগত আৰু শিৱসাগৰ জিলা প্ৰশাসনৰ সহযোগত এই ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ যোগ কাৰ্য্যক্রম কাৰ্য্যসূচী অনুষ্ঠিত হ'ব।সেয়েহে উক্ত কাৰ্যসূচীৰ বাবে শিৱসাগৰ পৌৰ এলেকাৰ শিৱদ'লৰ চাৰিওকাষৰ পৰা দ'লমুখ চাৰি আলিৰপৰা মুক্তিনাথ চাৰিআলি পর্যন্ত লগতে বাবুপট্টী জি. এন.জি. ৰোড আৰু বৰ্ডিং ৰোডৰ পথৰ দুয়োকাষে থকা দোকান আৰু আবাসগৃহ সমূহৰ স্বত্তাধিকাৰী সকলৰ জ্ঞাতার্থে অহা ৩০ এপ্রিল, ২০২২ তাৰিখৰ পৰা ০২ মে, ২০২২ তাৰিখ পর্যন্ত তিনিওটা দিন দোকান আৰু আবাসগৃহ সমূহৰ সম্মুখভাগ চাফা কৰি ৰাখিবলৈ নিৰ্দ্দেশনা প্ৰেৰণ কৰে। উক্ত নির্দেশ অমান্য কৰা ব্যক্তিৰ বিৰুদ্ধে আইনমতে জৰিমনা বিহাৰ বিষয়ে শিৱসাগৰ জিলাৰ পৌৰ সভা বিষয়া কাৰ্যালয়ৰ কাৰ্যবাহী বিষয়া মনালী প্ৰসাদ ৰজকে(আঃআঃ সেঃ) নং:এচ.এম.বি/০৮/পি.টি-৪/ স্মাৰক পত্ৰৰ যোগেদি পৌৰসভা ৰাইজক অৱগত কৰাৰ লগতে কাৰ্যবাহী বিষয়া মনালী প্ৰসাদ ৰজকে স্মাৰক নং:এচ.এম.বি/০৮/পি.টি-৪/ পত্ৰৰ প্রতিলিপি  শিৱসাগৰ জিলা তথ্য আৰু জন সম্পৰ্কৰক্ষী বিষয়া জ্ঞাতার্থে বিহিত ব্যৱস্থা বাবে আৰু শিৱসাগৰ জিলাৰ গোপনীয় সহায়কৰ যোগেদি  শিৱসাগৰ জিলা উপায়ুক্ত জ্ঞাতার্থে প্ৰেৰণ কৰাৰ বিষয়ে পত্ৰৰ যোগেদি অৱগত কৰে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা