দিহিং-পাটকাই বৰ্ষাৰণ্য সুৰক্ষাৰ দাবীঃ অসমীয়া যুৱ মঞ্চৰ


lচাবুৱাঃ কৰ'নাৰ আতংকৰ মাজতে দিহিং-পাটকাই বৰ্ষাৰণ্যত কয়লাৰ মুক্ত খননৰ সিদ্ধান্তক বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ ডিব্ৰুগড় জিলা সমিতিয়ে কেন্দ্ৰীয় চৰকাৰ খনক তীব্ৰ ভাষাৰে বিৰোধিতা কৰিছে। বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি ভবেন সোনোৱালে কয় যে উজনি অসমৰ জৈৱ বৈচিত্ৰতাত চহকী ডিব্ৰুগড় আৰু তিনিচুকীয়াৰ আপাৰ দিহিঙৰ ৮০০ বৰ্গ কিলোমিটাৰ  এলেকা জুৰি এক বিশাল বৰ্ষাৰণ্য। এনে এখন চিৰসেউজ বন্যপ্ৰাণী সংৰক্ষিত  জৈৱ-বিচিত্ৰতাৰ  বনাঞ্চলত কয়লাৰ খনন কৰিলে  ৪৭ বিধ স্তন্যপায়ী প্ৰাণী, ২৯৫ বিধ চৰাই, ১০১ বিধ অৰ্কিড, ৩০০ বিধ পখিলাকে বিভিন্ন প্ৰজাতিৰ গছ-গছনিৰে ভৰা অভয়াৰণ্য খনৰ প্ৰতি প্ৰচণ্ড ভাবুকি নামি আহিব। তেনেস্থলত কেন্দ্ৰীয় চৰকাৰৰ প্ৰকৃতি ধ্বংস কাৰ্য্যক আমি কেতিয়াও মানি ল’ব নোৱাৰো আৰু অসম চৰকাৰকো দিহিং-পাটকাই বৰ্ষাৰণ্যত কয়লা খননৰ ওপৰত স্থিতি স্পষ্ট  কৰিবলৈ বৰ্ষাৰণ্য খনৰ পৰাই দাবী জনাইছো। অন্যথা জংগী আন্দোলন কৰিবলৈ বাধ্য হম বুলি সকীয়াই দিয়ে। উক্ত প্ৰতিবাদী কাৰ্যসূচীত বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সচিব দূৰ্লভ খাউণ্ডৰ লগতে ডিব্ৰুগড় জিলা সমিতিৰ বিষয়-ববীয়া উপস্থিত থাকে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা