টী চেম্পিয়ন সকলক পুৰষ্কাৰ প্রদানেৰে প্রথম আন্তৰাষ্ট্ৰীয় চাহ দিৱস উদযাপন এপীজয় টীৰ

ষ্টাফৰিপোৰ্টাৰ,,,,২২ মে,,, এপীজয় টীয়ে শুকুৰবাৰে (২০১৯)বৰ্ষৰ টী চিজনৰ কাৰণে ইয়াৰ ১৩ গৰাকী ফিল্ড আৰু ফেক্টৰী চেম্পিয়নৰ নাম ঘোষণা কৰে।কোম্পানীটোৱে চাহ শ্ৰমিক সকলৰ কঠোৰ পৰিশ্ৰম, দক্ষতা আৰু পাৰদৰ্শিতাক সন্মান জনোৱাৰ অর্থে এই বাৰ্ষিক প্ৰতিযোগিতা অনুষ্ঠিত কৰি আহিছে আৰু ২০১৮ বৰ্ষৰ টী চিজনৰ এই প্ৰচেষ্টা গ্ৰহণৰে পৰা প্ৰতি দুমাহৰ অন্তৰে অন্তৰে ১০০ গৰাকীলৈ এনে শ্ৰমিক কৰ্মচাৰীক সন্মান জনাই অহা গৈছে। মাৰ্চত এপীজয় টীৰ বঁটা প্ৰদান অনুষ্ঠানৰ দিহা কৰা হৈছিল যদিও ক'ভিড ১৯ ৰ বাবে এই অনুষ্ঠান স্থগিত ৰাখি ২১ মে'ত প্ৰথম আন্তৰাষ্ট্ৰীয় চাহ দিৱস উদযাপন কৰে। চেম্পিয়ন প্লাকাৰ হিচাবে খবুং চাহ বাগিচাৰ লেইনা আৰু কে অ'জি ডিভিজনত কৰ্মৰত অৰুণা মনবথ আৰু ৰাধিকা ৰতন, হিলিকা চাহ বাগিচাৰ লাইন ডিভিজনত কৰ্মৰত লচমী বিৰ্ছা, আৰু পাৰ্বতী গোলাপ, ঘৈৰালী চাহ বাগিচাত কৰ্মৰত ঊষা ভূমিজ, বৰজুলি চাহ বাগিচাৰ ৰঙাপৰা ডিভিজনত কৰ্মৰত অনু কুমাৰী জবকা চাহ বাগিচাৰ খামলুং ডিভিজনত কৰ্মৰত অঞ্জনা মল আৰু মুট্ৰাপৰ চাহ বাগিচাৰ নিম' নাগড় ডিভিজনত কৰ্মৰত আৰতি গোৱালক পুৰষ্কাৰ প্ৰদান কৰা হয়। আনহাতে ফেক্টৰী চেম্পিয়ন হিচাপে পুৰস্কৃত কৰা হয় পাঙেৰী টী ফেক্টৰীত কৰ্মৰত কাশপাল চম্পী, ঘৈৰালী টী ফেক্টৰীত কৰ্মৰত ৰামনাথ পাণীকা, চেঁচা টী ফেক্টৰীত কৰ্মৰত নয়া চুৰিণ, জবকা টী ফেক্টৰীত কৰ্মৰত অৰুণ তাঁতী আৰু নপুক টী ফেক্টৰীত কৰ্মৰত আনন্দ তান্দীক। এই সন্দৰ্ভত এপীজয় টীৰ মুখপাত্ৰই কয়"- মাৰ্চতে আয়োজন কৰিবলৈ দিহা কৰা এপীজয় টীৰ বাৰ্ষিক বঁটা প্ৰদান  অনুষ্ঠান কভিড-১৯ ৰ প্ৰাদুৰ্ভাৱৰ বাবে স্থগিত কৰিবলগীয়া হয়। ইয়াৰ পৰিপ্ৰেক্ষিতত লক-ডাউনৰ সকলো নীতি-নিয়ম মানি বাগিচাৰ পৰিচালক সকলে পুৰষ্কাৰ লাভ কৰা সকলৰ ঘৰলৈ গৈ চালানযোগে আৰু ফেক্টৰীত নগদ ধনেৰে পৰস্কৃত কৰে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা