নলবাৰী জিলা পৰিষদত কৰ সংগ্ৰহ সন্দৰ্ভত গুৰুত্বপূৰ্ণ সভা সম্পন্ন

ৰূপক বৈশ্য, ফাৰ্ষ্ট নিউজ ৰিপোৰ্ট, নলবাৰী, ২০ মে'*

নলবাৰী জিলা পৰিষদত আজি বুধবাৰে লক্ ডাউনৰ নীতি নিয়ম সমূহ মানি  জিলাখনৰ পঞ্চায়তসমূহত স্থানীয় কৰ সংগ্ৰহ সন্দৰ্ভত এখন গুৰুত্বপূৰ্ণ সভা হৈ যায়। জিলা পৰিষদৰ অধ্যক্ষ নিতুল ডেকাৰ সভাপতিত্বত অনুষ্ঠিত সভাত পৰিষদৰ উপাধ্যক্ষা মঞ্জুৰাণী দেৱী, কনিষ্ঠ অভিযন্তা গৌতম ভট্ট, সাত নং পূৱ বাঁহজানী গাঁও পঞ্চায়তৰ সভানেত্ৰী নমিতা দাস, আঠ নং উত্তৰ বাঁহজানী পঞ্চায়তৰ সভানেত্ৰী আৰতি বৈশ্য, ন নং মধ্য বাঁহজানী পঞ্চায়তৰ সভানেত্ৰী জোনমণি বৈশ্য তালুকদাৰ, দহ নং পঞ্চায়তৰ সভাপতি মুকুতাৰ ৰহমান, ছয় নং খাটা পঞ্চায়তৰ সভাপতি বীৰেণ দাস, পাঁচ নং পঞ্চায়তৰ সভাপতি অঞ্জনজ্যোতি তালুকদাৰ, চাৰি নং পঞ্চায়তৰ সভাপতি তপন শৰ্মা, তিনি নং পঞ্চায়তৰ সভানেত্ৰী লাৱণ্য নাথ, দুই নং পঞ্চায়তৰ সভানেত্ৰী ৰীতা ডেকা, এক নং খাটা পঞ্চায়তৰ সভানেত্ৰী ৰুক্মিণী কলিতাসহ জিলাখনৰ সমূহ পঞ্চায়ত সভাপতি আৰু কৰ সংগ্ৰাহকসকল উপস্থিত থাকে। সভাত জিলাখনৰ কেইবাগৰাকী পঞ্চায়ত সভাপতি আৰু কৰ সংগ্ৰাহকে বক্তব্য দাঙি ধৰে। জিলা পৰিষদৰ অধ্যক্ষ নিতুল ডেকাই নিজৰ বক্তব্যত কৰ সংগ্ৰহ সন্দৰ্ভত পঞ্চায়তসমূহৰ সভাপতিসকলৰ লগতে কৰ সংগ্ৰাহকসকলক গুৰুত্ব দিবলৈ আৰু চৰকাৰী নীতি নিয়ম সমূহ ৰূপায়ন কৰিবলৈও আহ্বান জনায়।

*প্ৰেৰকঃ ৰূপক বৈশ্য, নলবাৰী*

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা