কৃষ্ণাই-বদাহপুৰত ধুমুহাৰ তাণ্ডৱঃবিস্তৰ ক্ষতি সাধনঃ

কৃষ্ণাই-বদাহপুৰত ধুমুহাৰ তাণ্ডৱঃবিস্তৰ ক্ষতি সাধনঃপৰিস্থিতিৰ বুজ ল'লে চক্ৰ বিষয়াই
-----------
মানৱ জাতিৰ ওপৰত ক্ৰমাৎ যেন ৰুষ্ট হৈ পৰিছে প্ৰকৃতি ৷ এফালে মহামাৰী ক’ৰোনাৰ আতংক আনফালে ধুমুহা বানপানীৰ সন্ত্ৰাস ৷ এই ভয়াৱহ পৰিস্থিতিৰ পৰা মুক্ত নহয় আমাৰ ৰাজ্যখনো ৷ দীঘলীয়া লক ডাউনৰ মাজেৰে কষ্টসাধ্য দিন অতিক্ৰম কৰা ৰাজ্যবাসী বৰ্তমানে আক্ৰান্ত আগতীয়া বানৰ কবলত ৷ তাৰ মাজতে ইজাকৰ পিছত সিজাক ধুমুহা ৷ গোৱালপাৰা জিলাখনৰো একেই অৱস্থা ৷ জিলাখনৰ প্ৰায় ১২২ খন গাঁও আজিও বানপানীৰ তলত ৷ বানাক্ৰান্ত ৰাইজে আশ্ৰয় লৈছে অস্থায়ী ভাৱে স্থাপন কৰা অৰ্দ্ধশতাধিক আশ্ৰয় শিবিৰত ৷ ইয়াৰ মাজতে ভূতৰ ওপৰত দানহ পৰাদি আৰম্ভ হৈছে ধুমুহাৰ তাণ্ডৱ ৷ আজি সন্ধিয়াও কৃষ্ণাই অঞ্চলৰ ওপৰেৰে পাৰ হৈ যায় এজাক শিল ধুমুহা ৷ যাৰ ফলত অঞ্চলটোৰ বিস্তৰ ক্ষতিসাধন হোৱাৰ বাতৰি পোৱা গৈছে ৷ আনহাতে,
যোৱা নিশাও জিলাখনৰ কৃষ্ণাই আৰু বদাহপুৰৰ ওপৰেৰে পাৰ হৈ যায় এজাক প্ৰৱল বেগী ধুমুহা ৷ নিশা প্ৰায় ১ বজাৰ পৰা আজি পুৱতি নিশালৈ বিভিন্ন দিশৰ পৰা বলা ধুমুহা বতাহে বিস্তাৰ ক্ষতিসাধন কৰে বৃহত্তৰ অঞ্চল সমূহত ৷ বিজুলী ঢেৰেকনিৰে অহা বতাহ বৰষুণে বদাহাপুৰৰ বহু ঘৰ দুৱাৰৰ ক্ষতি সাধন কৰাৰ লগতে উভালি পেলায় প্ৰকাণ্ড গছ গছনি,বিজুলী পৰিবাহী খুটা ৷ ধুমুহাই
বদাহপুৰ সমবায় সমিতিৰ গুদাম ঘৰৰ চাল উৰুৱাই নিয়াৰ ফলত সমবায়টোত মজুত কৰি ৰখা প্ৰায় ৩০৯ কুইণ্টল চাউল নষ্ট হয় ৷ নিশাৰ ভাগত অহা ধুমুহা জাকেে কৃষ্ণাইৰ মাণিকপুৰ ভেলাখামাৰ গাওঁ পঞ্চায়ত এলেকাৰ শাকোমুৰি,চোকাপাৰা,ভেলাখামাৰ আদি গাৱৰ অৰ্দ্ধশতাধিক ঘৰ দুৱাৰ বিনষ্ট কৰাৰ লগতে গছ গছনি ভাঙি চুৰমাৰ কৰে ৷ ইফালে ধুমুহা বতাহৰ লগতে অহা  ধাৰাসাৰ বৰষুণৰ পানী আৱদ্ধ হৈ শাকোমুৰিৰ প্ৰায় পঞ্চাশ ঘৰ লোকৰ ঘৰ চোতাল বুৰাই পেলায় ৷ ইফালে প্ৰাকৃতিক দুৰ্যোগত আক্ৰান্ত অঞ্চলৰ পৰিস্থিতিৰ বুজ লবলৈ আআি দুপৰীয়া মাণিকপুৰ বেলাখামাৰ গাওঁ পঞ্চায়তত উপস্থিত হয় মাটিয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ৰুণাল নাথে ৷ 

কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথ,first news repot

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা