ৰঙিয়াত বহিঃৰাজ্যৰ পৰা বিশেষ শ্ৰমিক ৰেলেৰে ঘৰলৈ অহা সকলক মহকুমা প্ৰশাসনৰ বিশেষ ব্যৱস্থা

প্ৰতিবেদক, ৰঙিয়া, ২৮ মে'. : সমগ্ৰ বিশ্বজুৰি আতংকিত কৰা ক'ৰনা ভাইৰাছৰ ভয়াবহ সংক্ৰমণ প্ৰতিৰোধকৰণৰ ক্ষেত্ৰত 
লকডাউনৰ বাবে দেশৰ বিভিন্ন প্ৰান্তত  আৱদ্ধ হৈ থকা শ্ৰমিক সকলৰ বাবে চৰকাৰে শেহতীয়াকৈ মুকলি কৰিছে স্পেছিয়েল শ্ৰমিক ট্ৰেইন সেৱাৰ ব্যৱস্থা। অসমৰ পৰা জীৱিকাৰ বাবে যোৱা গুজৰাট আৰু অন্ধ্ৰপ্ৰদেশত থকা বহু সংখ্যক শ্ৰমিকে আজি এনে দুখন বিশেষ ৰে’লৰে উভতি আহি ৰঙিয়া জংচনত উপস্থিত হয়।  ৰঙিয়া জংচনত উপস্থিত হোৱা সকলৰ ভিতৰত শোণিতপুৰৰ ২ গৰাকী, দৰং ৬ গৰাকী, নলবাৰী ২২ গৰাকী, কামৰূপ ১ গৰাকী, বাক্সা ৫০ গৰাকী আৰু ওডালগুৰিৰ ১৫ গৰাকী, আনহাতে আন এখন স্পেছিয়েল শ্ৰমিক ট্ৰেইনখনত দৰংৰ ১গৰাকী,নলবাৰী ১ গৰাকী, কামৰূপ ১ গৰাকী, বাক্সা ৬ গৰাকী আৰু ওডালগুৰিৰ ১ গৰাকী সহ মুঠ ১০৬ গৰাকী শ্ৰমিকে।ইয়াৰ উপৰি আজি নিশা আন দুখন বিশেষ শ্ৰমিক ট্ৰেইন আহি ৰঙিয়াত উপস্থিত হব বুলি জানিব পৰা গৈছে । ইতিমধ্যে এই সকল শ্ৰমিকক ট্ৰেইনৰ পৰা নমাৰ পিছত মহকুমা ৰঙিয়া মহকুমা প্ৰশাসনৰ হৈ ভাৰপ্ৰাপ্ত মহকুমাধিপতি তথা অতিৰিক্ত উপায়ুক্ত ডাঃ বেদাংগ তালুকদাৰ, মহকুমা নিৰ্বাচন বিষয়া তথা সহকাৰী আয়ুক্ত ৰিপনজ্যোতি নাথ, পৌৰসভাৰ কাৰ্য্যবাহী বিষয়া তথা সহকাৰী আয়ুক্ত চম্পক ডেকা,অপ্ৰতীম গোস্বামী, ৰঙিয়াৰ ৰাজহ চক্ৰ বিষয়া মনালী জৈন,কঞাঁৰ ৰাজহ চক্ৰ বিষয়া মণিকংকণা ভট্টাচাৰ্য্য, মহকুমা তথ্য আৰু জনসংযোগ বিষয়া হেমন্ত কুমাৰ শৰ্মা, মহকুমাৰ গৱেষণা সহায়ক বিনোদ ৰাহাং, কনিষ্ঠ সহায়ক জাকিৰ হুছেইন, কামৰূপ জিলাৰ উপ আৰক্ষী অধীক্ষক সঞ্জয় শইকীয়া, মহকুমা আৰক্ষী বিষয়া কংকন জ্যোতি নাথ, ৰঙিয়া সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰাঞ্জল বৰুৱা, ৰেলৱে বিভাগৰ বিষয়া তথা ৰেল আৰক্ষী বাহিনীয়ে উপস্থিত থাকি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰে ।বহিঃৰাজ্যৰ পৰা আহি ৰঙিয়াত অৱস্থান কৰাৰ পিছতে শ্ৰমিক সকলক বিভাগীয় ভাৱে স্বাস্থ্য পৰীক্ষা কৰি কিছু লঘু আহাৰ যোগান ধৰি নিজ নিজ জিলাত স্থাপন হোৱা কোৰেইন্টাইন চেন্টাৰ সমূহলৈ জিলাৰ প্ৰতিনিধি সকলৰ তত্বাৱধানতাত সুৰক্ষিত ভাৱে পঠোৱাৰ ব্যৱস্থা কৰে ৰঙিয়া মহকুমা প্ৰশাসনে । 
প্ৰেৰক, পহৰেদ আলী আহমেদ, ৰঙিয়া ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা