ৰঙিয়াত সাংবাদিকক মাস্ক,ছেনিটাইজাৰ আৰু গামোচাৰে সম্বৰ্ধনা বন্ধন বেংকৰ

প্ৰতিবেদক, ৰঙিয়া, ২০ মে': সমগ্ৰ বিশ্বজুৰি কৰ'না ভাইৰাছ মহামাৰীৰ পৰিপ্ৰেক্ষিতত যি এক পৰিৱেশৰ সৃষ্টি হৈ দেশজুৰি লকডাউন চলি আছে, এই কাৰ্যসূচীৰ মাজতে জৰুৰীকালীন সেৱাত বিশেষকৈ স্বাস্থ্যবিভাগ, পুলিছ বিভাগ, চাফাই কৰ্মী আৰু গণতন্ত্রৰ চতুর্থ স্তম্ভৰ সাংবাদিক সকলে নিজৰ জীৱনক তুচ্ছ কৰি ৰাইজৰ সেৱাৰ নিমিত্তে দিনে নিশাই যি ধৰণে কাম কৰি আছে ইয়াৰ শলাগ দেশবাসীয়ে লৈ বিভিন্ন ধৰণে  উৎসাহিত কৰাৰ উপৰি  তেওঁলোকক আশীৰ্বাদ জনায় আহিছে । এনেক্ষেত্ৰতে ৰঙিয়াত গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ  সাংবাদিক আৰু সংবাদকৰ্মী সকলৰ এই দায়িত্ববোধৰ প্ৰতি সন্মান জনাই আজি ৰঙিয়াত সাংবাদিক সকলৰ মাজত বন্ধন বেংকৰ তৰফৰ পৰা মাস্ক, ছেনিটাইজাৰ বিতৰণ কৰা হয়৷ তদুপৰি বন্ধন বেংকে সাংবাদিক আৰু সংবাদকৰ্মীসকলক অসমীয়া নতুন বছৰৰ শুভেচ্ছা হিচাপে একোখনকৈ ফুলাম গামোচা প্ৰদান কৰে৷ এই কাৰ্যসূচীৰ নেতৃত্ব দিয়ে বন্ধন বেংকৰ ৰঙিয়া- ২ শাখাৰ পৰিচালিকা ইলিজা বেগম , এৰিয়া পৰিচালক বিপুল মহন্ত , ৰঙিয়া - ১ ৰ পৰিচালক সত্যজিৎ বৰুৱা ৰঙিয়া - ৩ ৰ পৰিচালক কৃষ্ণকান্ত দাস অাৰু ৰঙিয়া - ৪ ৰ পৰিচালক হেমন্ত কুমাৰে ৷ পৰিচালিকা ইলিজা বেগমে এই বিষয়ত কয়--- সাংবাদিক আৰু সংবাদকৰ্মীসকলে বহু কষ্ট কৰি আৰু দ্বায়িত্ব লৈ এই সময়ত নিজৰ কৰ্তব্য নিষ্ঠাৰে কৰি গৈছে৷ যাৰ বাবে আজি আমি প্ৰতিমুহূৰ্তৰ খবৰ পাই আছোঁ৷ গতিকে তেখেতসকলৰ প্ৰতি আমাৰো দায়িত্ব আছে৷ সেয়ে আমি বন্ধন বেংকৰ তৰফৰ পৰা সাংবাদিক আৰু সংবাদকৰ্মীসকলৰ নিৰাপত্তাৰ কথা চিন্তা কৰি মাস্ক আৰু ছেনিটাইজাৰ বিতৰণৰ কথা চিন্তা কৰোঁ৷ যাতে তেখেসকলক কৰ্মৰ প্ৰতি আৰু অধিক প্ৰেৰণা যোগাব৷" মাস্ক আৰু ছেনিটাইজাৰ বিতৰণ কাৰ্যসূচীত উপস্থিত থাকে জনসম্পৰ্কৰক্ষী বিষয়া অজয় কুমাৰ শীল, প্ৰভাগীয় প্ৰবন্ধক অসীম দাস৷ইয়াৰ নেতৃত্ব দিয়ে বন্ধন বেংকৰ অসমৰ জনসম্পৰ্কৰক্ষী বিষয়া তথা ৰঙিয়াৰ শাখা পৰিচালক অজয় কুমাৰ শীলে ৷
প্ৰেৰক, পহৰেদ আলী আহমেদ, ৰঙিয়া ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা