লক্ ডাউনত সৰ্বহাৰা নলবাৰীৰ বাঁহজানীৰ দুই শতাধিক মৃৎ শিল্পীৰ প্ৰতিবাদ

*লক্ ডাউনত সৰ্বহাৰা নলবাৰীৰ বাঁহজানীৰ দুই শতাধিক মৃৎ শিল্পীৰ প্ৰতিবাদ* *জীৱিকাৰ স্বাৰ্থত বণিজ ৰক্ষা কৰাৰ মিনতি চৰকাৰক* *খা-খবৰ নাই জনপ্ৰতিনিধিৰ*


*ৰূপক বৈশ্য, ফাৰ্ষ্ট নিউজ ৰিপোৰ্ট, নলবাৰী, ২৬ মে'*


ফ'টো আছে = 

ক'ভিড-১৯ প্ৰতিৰোধী লক্ ডাউনৰ বাবে চুড়ান্তভাৱে বিপৰ্যয়ৰ সন্মুখীন হৈছে একাংশ ক্ষুদ্ৰ ব্যৱসায়ী। সমগ্ৰ নলবাৰী জিলাকে ধৰি বাঁহজানীৰ মাথো একাংশ ব্যৱসায়ী সু-প্ৰাচীন মাটিৰ পাত্ৰ গঢ়াৰ কামেৰে নিজৰ জীৱিকাৰ লগতে পৰ্যটন আৰু আধ্যাত্মিক দিশত এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি অহা বাঁহজানীৰ চৰিয়াবাসীৰ  জীৱন জীৱিকাৰ একমাত্ৰ ভৰসা মৃৎ শিল্পৰ কষ্টসাধ্য সকলো উৎপাদন চকুৰ আগতে ধবংসৰ উপক্ৰম হোৱাৰ দৃশ্য চাই কেৱল হা-হুমুনিয়াহ কাঢ়ি দিন অতিবাহিত কৰিছে চৰিয়াৰ মৃৎ শিল্পীৰ পৰিয়ালে যাৰ ফলত হেৰাই যোৱাৰ উপক্ৰম হৈছে চৰিয়াৰ এই সু-প্ৰাচীন মৃৎ শিল্প। আজি দেওবাৰ ৷ নিজৰ এলেকাত লক্ ডাউনৰ নিয়ম মানি মৃৎ শিল্পটোক জীৱিত কৰা, মৃৎ শিল্পী সকলক সাহায্য দিয়া, বণিজ ৰক্ষা কৰাৰ পদক্ষেপ ল'বলৈ চৰকাৰক মিনতি কৰি চৰিয়াৰ মৃৎ শিল্পীসকলে প্ৰতিবাদ কৰাৰ লগতে স্থানীয় সাংসদ, বিধায়ক, জিলা পৰিষদৰ সদস্য, পঞ্চায়ত কৰ্তৃপক্ষৰ খা-খবৰ নকৰাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰে। প্ৰতিবাদী মৃৎ শিল্পী দমহু দাস (৬০), কাণ্ডৰাম দাস (৬০), লংকেশ্বৰ দাস (৬০), অনিল দাস (৩৬), মোহন দাস(৪৫), হৰেকৃষ্ণ দাস  (৪৭), চিত্ৰাবালা দাস, চন্দ্ৰবালা দাস, ফুলকণ দাসে সংবাদ মাধ্যমৰ আগত কয় যে আমাক জীয়াই থাকিবলৈ খাদ্য দিয়ক, সাহায্য দিয়ক চৰকাৰে। উল্লেখ্য যে এই থলুৱা মৃৎ শিল্পীসকলে অক্টোবৰ-নবেম্বৰ মাহত খৰালি আৰম্ভ হোৱাৰ লগে লগে কুমাৰ মাটি দূৰ দূৰণিৰ পৰা সংগ্ৰহ কৰি হাজাৰ হাজাৰ মাটিৰ চাকি, ধূপবাটি, টেকেলি, ঘট, কুমৰচৰু, পাট চৰু, কলহ, বিয়াৰ শৰ মালা, আদি বিভিন্ন সামগ্ৰী তৈয়াৰ কৰি দীপাৱলী, শ্যাম পূজা, ৰাস পূজা, ভোগালী বিহু, স্বৰস্বতী পূজা, শিৱ পূজা, বাসন্তী পূজা, ব'হাগ বিহুৰ লগতে বিয়া-বাহু, আন মাংগলিক পূজা-পাৰ্বনত বিক্ৰী কৰি অৰ্থ সংগ্ৰহেৰে মৃৎ শিল্পীসকলে জীৱন সংগ্ৰাম চলাই আছিল। তদুপৰি ব'হাগ মাহত ব্যৱসায় বেছি ভাল হৈছিল বিয়া-বাহুৰ বাবে। কিন্তু ভূতৰ ওপৰত দানহ পৰাদি হঠাৎ ক'ৰোনা ভাইৰাছ মহামাৰীয়ে কালৰূপ লোৱাত লক্ ডাউন ঘোষণাৰ ফলত নিৰ্মাণ কৰা সকলো সামগ্ৰী নিৰ্মাণ থলিতে থাকি যোৱাত বিক্ৰী কৰিব নোৱাৰাৰ বাবে এতিয়া চৰিয়াৰ দুই শতাধিক মৃৎ শিল্পীৰ পৰিয়ালৰ নাজল নাথল অৱস্থা হৈছে। ফলত জীৱিকাৰ একমাত্ৰ উৎসৰ শূন্যপ্ৰায় অৱস্থাই পৰিয়াল সমূহলৈ অমানিশা নমাই অনাৰ লগতে নিৰ্মাণ কৰি থোৱা সামগ্ৰীসমূহ সংৰক্ষণৰ সু-ব্যৱস্থাৰ অভাৱত নিজৰ চৌহদতে বা জৰাজীৰ্ণ গৃহতে ধ্বংসৰ দিশে গতি কৰিছে। অসমৰ গ্ৰাম্য অৰ্থনীতি তথা সামাজিক জীৱন যাত্ৰাৰ অন্যতম আহিলা সমূহৰ ভিতৰত মৃৎ শিল্পক জীয়াই ৰখাৰ সংগ্ৰামত ব্যস্ত চৰিয়াৰ হীৰা আৰু কুমাৰ শিল্পী সকলে আজিও খাদ্য, বস্ত্ৰ, বাসস্থান, স্বাস্থ্য, শিক্ষা, বিজুলী, বিশুদ্ধ খোৱা পানী, সামাজিক নিৰাপত্তাৰ বাবেও সংগ্ৰাম কৰি জীয়াই থাকিব লগা হৈছে। অথচ পূৰ্বৰ কংগ্ৰেছ চৰকাৰে বিকশিত শ্লোগান দিয়াৰ দৰে পৰিবৰ্তনকামী বিজেপি মিত্ৰজোট চৰকাৰেও সকলো দিশতে উন্নয়নৰ জয় ঢোল বজাই আছে। আনহাতে তেওঁলোকে তীব্ৰ ক্ষোভেৰে কয় যে কংগ্ৰেছ, বিজেপি, অগপ সকলো শাসন পোৱাৰ পিছত একেই  । কিয়নো মৃৎ শিল্পটো আৰু শিল্পীসকলে সন্মানজনকভাবে জীয়াই থাকিব পৰাকৈ বা বিকাশৰ দিশত কোনোৱে একো বাস্তৱত পদক্ষেপ নল'লে ৷ সম্প্ৰতি লক্ ডাউনত আমাৰ এই শিল্পত তৈয়াৰ হোৱা সামগ্ৰীসমূহ বিক্ৰী কৰিব নোৱাৰি পৰিয়াল চলোৱাত গভীৰ সমস্যাত পৰিছো মৃৎ  শিল্পীৰ পৰিয়ালকেইটাই। তথাপি এই দুৰ্যোগৰ সময়তো চৰকাৰৰ স্থানীয় কোন জনপ্ৰতিনিধি, প্ৰশাসন, জিলা পৰিষদৰ সদস্য, গাঁও পঞ্চায়ত
কৰ্তৃপক্ষই কোনো খা-খবৰ নল'লে আজিলৈ বুলি দুখ কৰে। প্ৰতিবাদকাৰী সকলক সমৰ্থন জনায় সু-প্ৰাচীন মৃৎ শিল্পটোক পুনৰুজ্জীৱিত কৰা আৰু মৃৎ শিল্পীসকলক খাদ্য সামগ্ৰী যোগান ধৰাৰ লগতে সাহায্য প্ৰদানৰ বাবে নলবাৰী জিলা কৃষক সভাৰ সম্পাদক ৰবীন মিশ্ৰ, আঞ্চলিক কৃষক সভাৰ সম্পাদক ৰাজীৱ আলী, কৃষক নেতা মনোৱাৰ হুছেইন, কন্দৰ্প শৰ্মা,
বাঁহজানী আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা সীমান্ত দাস, ভাৰপ্ৰাপ্ত সভাপতি বিশ্বজিৎ মল্ল বুজৰবৰুৱা, সাধাৰণ সম্পাদক মৃন্ময় কলিতা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বাঁহজানী আঞ্চলিক সমিতিৰ সভাপতি সন্তোষ শৰ্মা, সাধাৰণ সম্পাদক নজৰুল আলীসহ বিভিন্ন দল-সংগঠনে চৰকাৰৰ ওপৰত দাবী উত্থাপন কৰিছে।

*প্ৰেৰকঃ ৰূপক বৈশ্য, নলবাৰী*

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা