প্ৰসংগঃ তৈলক্ষেত্ৰ, APDCL ব্যক্তিগতকৰণ আৰু দিহিং পাটকাই অভয়াৰণ্যৰ মুক্ত খনন #বজালীত যু‍ৱ-ছাত্ৰ পৰিষদৰ স্মাৰক পত্ৰ প্ৰদান

প্ৰসংগঃ তৈলক্ষেত্ৰ, APDCL ব্যক্তিগতকৰণ আৰু দিহিং পাটকাই অভয়াৰণ্যৰ মুক্ত খনন 
বজালীত যু‍ৱ-ছাত্ৰ পৰিষদৰ স্মাৰক পত্ৰ প্ৰদান#

সঞ্জীৱ দাস, ভৱানীপুৰ, ২০ মে': কেন্দ্ৰীয় চৰকাৰে অসমৰ কেইবাখনো তৈলক্ষেত্ৰ ব্যক্তিগত প্ৰতিষ্ঠানক গতোৱাৰ লগতে অসমৰ শক্তি বিতৰণ কৰ্প'ৰেশ্বন (APDCL) ব্যক্তিগতকৰণ আৰু অসমৰ জৈৱ বৈচিত্ৰৰ সৌন্দৰ্য্যৰে পৰিপূৰ্ণ দিহিং পাটকাই অভয়াৰণ্যত মুক্তভাবে কয়লা খনন কাৰ্য্যৰ হঠকাৰী সিদ্ধান্তৰ প্ৰতি তীব্ৰ বিৰোধিতা কৰিছে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ বজালী জিলা সমিতিয়ে। উক্ত বিষয়বোৰৰ ওপৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আজি অসম জাতীয়তাবাদী যুৱ- ছাত্ৰ পৰিষদৰ বজালী জিলা সমিতিৰ সভাপতি মৃদুল তালুকদাৰ আৰু সাধাৰণ সম্পাদক লক্ষেশ্বৰ দাসে পৰিষদৰ নেতা অৰূপ শৰ্মাক লগত লৈ প্ৰধানমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে। বজালী মহকুমাৰ মহকুমাধিপতি নয়নজ্যৌতি ভাগৱতীক সাক্ষাৎ কৰি তেখেতৰ জৰিয়তে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ হস্তক্ষেপ বিচাৰি যুৱ-ছাত্ৰ পৰিষদৰ বজালী জিলা সমিতিৰ সভাপতি মৃদুল তালুকদাৰ আৰু সাধাৰণ সম্পাদক লক্ষেশ্বৰ দাস স্বাক্ষৰিত এক স্মাৰক পত্ৰ প্ৰেৰণ কৰি বিষয়কেইটাৰ ওপৰত কৰা সিদ্ধান্ত বাতিল কৰি অসমৰ জনসাধাৰণৰ স্বাৰ্থত কাম কৰাৰ বাবে আহ্বান জনায়। স্মাৰক পত্ৰখনত উল্লেখ কৰা অনুযায়ী আগন্তুক দিনত যদি এই বিষয়বোৰৰ ক্ষেত্ৰত অসমৰ ৰাইজৰ স্বাৰ্থত চৰকাৰে একো সুবিধাজনক স্থিতি গ্ৰহণ নকৰে তেতিয়াহ'লে ৰাইজৰ সহযোগত তীব্ৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক সকিয়নি প্ৰদান কৰে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা