গোলাঘাটত পুনৰ ১৬ জন ক'ভিড পজিটিভ

গোলাঘাটত পুনৰ ১৬ জন ক'ভিড পজিটিভ;  মুঠ ১৫৬  জন আক্ৰান্ত । ৰেড জ'ন ঘোষণাৰ  সম্ভাৱনা : -  গোলাঘাট,২৯ মে :---  কালিৰ দিনটো বাদ দি আজি পুনৰ গোলাঘাটত জিলাত  ক'ভিড পজিটিভৰ সংখ্যা বৃদ্ধি  পালে। আজি  কোৱাৰেন্টাইনত থকা  ১৬  জনৰ থ্ৰৰ্ট চোৱাপ পৰীক্ষাৰ ফলাফল পজিটিভ আহিছে।  অৰ্থাৎ  এই মূহুৰ্ত্বলৈকে  গোলাঘাট জিলাত  মুঠ ১৫৬ জন  ক'ভিড -১৯  ৰোগত আক্ৰান্ত হৈছে। ইয়াৰোপৰি ১৪৬ জন পজিটিভ ৰোগী  চিকিৎসাধীন অৱস্থাত আছে। আজি  পজিটিভ অহা  লোকসকল হৈছে ক্ৰমে , কিৰণ পালেং (২২) ,কান্ত লইং(৩২) ,কনক গগৈ(২৫) , গনেশ দাস (২২), ভোগেশ্বৰ হাজৰিকা (৩৯) , ভাস্কৰ বৰা (২০), পলাশ বৰা (২৭), দেৱীকা ভৰা (৬), পৰাগ বৰা (২৫), অতুল বৰা (২৫), শিশুৰাম শইকীয়া(২৯) , জিতেন ভুমো (৩৩),খগেশ্বৰ শইকীয়া(২৪), ৰাজু গোঁহাই (৪০), মাৰ্কুচ ইন্দুৱাৰ (২৩) আৰু  ৰাহুল কাৰৱা (২০) । এই সকলো  লোক গোলাঘাটৰ বাণিজ্য মহাবিদ্যালয়,জৱাহৰ নৱোদয় বিদ্যালয়, কাছমাৰী মডেল হাস্পাতাল, ৰতনপুৰ ব'প, ভেলগুৰি জি পি কোৱাৰেন্টাইন কেন্দ্ৰত আছিল। ইফালে গোলাঘাটৰ ক'ভিড -১৯ হাস্পাতালত  বিচনাৰ সংখ্যা  ১২০ খন হোৱাত এই আক্ৰান্ত  সকলক যোৰহাট মেডিকেললৈ স্থানান্তৰিত কৰা হৈছে। অৱশ্যে , দেৱীকা নামৰ ৬ বছৰীয়া শিশুটিৰ মাতৃৰ ফলাফল নিগেটিভ আহিছে। জিলাখনত  দৈনিক ভয়ংকৰভাৱে বাঢ়ি অহা ক'ভিড পজিটিভৰ সংখ্যালৈ লক্ষ্য কৰি ক'ব পাৰি যে  ২০০ ঘৰত প্ৰৱেশ কৰিলেই পুনৰ দুই এদিনতে  গোলাঘাট জিলা ৰেড জ'ন ঘোষণা কৰাৰ সম্ভাৱনা আছে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা