বৰ্হিৰাজ্যৰ পৰা অহা গোলাঘাটত ১৮ জন ক'ভিড পজিটিভ :

 গোলাঘাট, ২৫ মে :----- পুনৰ গোলাঘাটত কৰ'না পজিটিভ ৰোগীৰ উপস্থিতিয়ে এক আতংকময় পৰিবেশৰ সৃষ্টি কৰিছে। বৰ্তমানে বৰ্হিৰাজ্যৰ পৰা অহা ১৮ জনৰ দেহত ক'ভিড - ১৯ মহামাৰীৰ উপস্থিতি ধৰা পৰিছে। আজি পুৱাই জিলা প্ৰশাসনৰ তৰফৰ পৰা এই কথা সদৰি কৰে। তথ্য অনুসৰি ১৮ জনৰ ১০ জনেই মেৰাপানী অঞ্চলৰ । তেওঁলোক হৈছে ক্ৰমে , বন্তী সোনোৱাল (৪২) মেৰাপানী, দেৱজিৎ চেতিয়া (২০) মেৰাপানী, বিশাল বিশ্বকৰ্মা (২৫) চিচুপানী, লক্ষী দাস (৩৫) নলনীপথাৰ , লোকেশ্বৰ দাস(২২) নলনীপথাৰ, নিতুমনি দাস (১৯) নলনীপথাৰ, বিশ্বজিৎ কৰ্মকাৰ (২৩) মেৰাপানী, বিটু দলে( ২২) মেৰাপানী, পৰী চুতীয়া (২৩) মেৰাপানী, ডনজয় সোনাৰী (২৪) মেৰাপানী, বিতুপন সোনোৱাল (২৪) মেৰাপানী, হৰি প্ৰসাদ বৰুৱা(৩১)মেৰাপানী, দৌকণ চুতীয়া (২৪) কাছমাৰী,  মানসী বৰা ( ২১) মদুপুৰ ,ফজল পেগু (২৩) গমাৰী, যদুমনি বৰুৱা(২৭) কাছমাৰী , দীপক গগৈ (৩৩) মেৰাপানী ,বুদ্ধেশ্বৰ ৰৱিদাস (৩১) মেৰাপানী । এই সকলো কেইজন গোলাঘাট চহৰৰ মহেশ্বৰী বিবাহ ভৱনত কোৱাৰেন্টাইন ত আছিল যদিও আজি তেওঁলোকক শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত স্থাপন কৰা ক'ভিড চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা