লকডাউনত গোলাঘাটত ধাৰাবাহিকভাৱে বৃদ্ধি পাইছে অনৈতিক কাৰ্য;

 ৬০ বছৰীয়া বৃদ্ধৰ কামনাৰ বলি এগৰাকী নাৱালিকা : - গোলাঘাট, ২৪ মে :--- লকডাউনৰ সময়চোৱাত  সমগ্ৰ ৰাজ্যতে বৃদ্ধি পাইছে  চুৰি - ডকাইতি , ধৰ্ষণকে কৰি বিভিন্ন অনৈতিক ঘটনা। তেনে এক জঘন্য ঘটনাই এতিয়া জোকাৰি গৈছে গোলাঘাট । এজন  সম্বন্ধীয় ককাকে ধৰ্ষণ কৰিলে নাতি সম্বন্ধীয় এগৰাকী কিশোৰীক। গোলাঘাটৰ বকতীয়াল গাঁৱত সংঘটিত এই কু কাৰ্যত ডিম্বেশ্বৰ শইকীয়া নামৰ ৬০ বছৰীয়া   বৃদ্ধ ই প্ৰায় চাৰিমাহ ধৰি ধৰ্ষণ কৰি আহিছিল নাতি সম্বন্ধীয় এগৰাকী ১২ বছৰীয়া কিশোৰীক। কিশোৰী গৰাকী অন্ত:সত্বা হোৱাতহে সমগ্ৰ ঘটনা পোহৰলৈ আহে। আজি কিশোৰী গৰাকীৰ মাতৃয়ে ঘটনা সম্পৰ্কত কমাৰবন্ধা আৰক্ষী থানাত লম্পট ডিম্বেশ্বৰ শইকীয়াৰ বিৰুদ্ধে  এখন এজাহাৰ দাখিল কৰে। উক্ত এজাহাৰ ভিত্তিত কমাৰবন্ধা আৰক্ষীয়ে ধৃত ব্যক্তি জনক আটক কৰিছে। সোধ- পোচত সমগ্ৰ ঘটনাৰ সত্যতা স্বীকাৰ কৰিছে ধৃত ব্যক্তিজনে। উল্লেখ্য যে কিশোৰী গৰাকীক অসৎ কাৰ্য চৰিতাৰ্থ কৰিবৰ বাবে বিভিন্ন সময়ত বিভিন্ন  ধৰণৰ খাদ্য- সামগ্ৰী আৰু খুচুৰা পইচা আদি দি প্ৰলোভিত কৰি আহিছিল। এতিয়া স্থানীয় ৰাইজে লম্পট ডিম্বেশ্বৰক  উচিত শাস্তি প্ৰদান কৰি ফাঁচী ৰ দাবী তুলিছে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা