পূজিপতিৰ হাতত তৈল ক্ষেত্ৰ গতাই দিয়া সিদ্ধান্তৰ বিৰুদ্ধে গৰজি উঠিছে অনুসূচিত জাতি ছাত্ৰ সন্থা
ফাৰ্ষ্ট নিউজ ৰিপৰ্ট শিৱসাগৰ , ১৮ মে : সমগ্ৰ বিশ্বয় কৰোনা মহামাৰীৰ বিৰুদ্ধে যুজ দিছে । বৰ্তমান সময় অতি বিপন্ন আৰু আশংকাপূৰ্ণ । কিন্তু দেশৰ লগতে অসমৰ জনসাধাৰণ গৃহ বন্দি হৈ থকাৰ সময়ৰে যেন সুযোগ গ্ৰহণ কৰিছে বৰ্তমানৰ শাসনাধিষ্ঠ চৰকাৰখনে । ৭ টাকৈ তৈলক্ষেত্ৰ পূজিপতিৰ হাতত গতাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰি অসমৰ জনসাধাৰণক এক প্ৰকাৰ ব্লেকমেইল কৰিছে চৰকাৰে । চৰকাৰৰ এই সিদ্ধান্ত তথা কাৰ্য্যৰ বিৰুদ্ধে গৰজি উঠিছে সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থা । সন্থাৰ সাধাৰণ সম্পাদক পৰশ জ্যোতি দাসে সংবাদ মাধ্যমলৈ দিয়া এক প্ৰেছবাৰ্তাত উল্লেখ ককে যে অসমীয়া জাতীয় তেজ অন্তনিৰ্হিত হৈ থকা প্ৰতিজন লোকৰ বাবে চৰকাৰৰ এই সিদ্ধান্ত চৰম প্ৰতাৰণা হিচাৱে পৰিগণিত হৈছে । অসমৰ তৈলক্ষেত্ৰ সমূহ অসমীয়ৰ সম্পদ । এই সম্পদসমূহ পূজিপতিৰ হাতত গতাই দিবলৈ চৰকাৰক ঠিকা দিয়া হোৱা নাই অসমৰ জনসাধাৰণে । তেজ দিম তেল নিদিও বুলি শ্ল'গান দিয়া অসমীয়া বহু যুৱক ইতিমধ্যে শ্বহীদ হৈছে । সেইসকল অসমীয়া বীৰ পুৰুষৰ কেচা তেজক অপমান কৰিছে শাসনাধিষ্ঠ চৰকাৰখনে । এয়া অসমীয়া জাতিৰ বাবে সহ্যৰ বৰ্হিভূত কথৱ বুলি অভিহিত কৰে সংগঠনটো কেন্দ্ৰীয় সম্পাদকৰ স্বাক্ষ্যৰিত প্ৰেছবাৰ্তাটোত স্পষ্টকৈ উল্লেখ কৰিছে। চৰকাৰে গ্ৰহণ কৰা এই হঠকাৰী সিদ্ধান্ত পৰিহাৰ কৰিবলৈ দাবী উত্থাপন কৰিছে অনুসূচিত জাতি ছাত্ৰ সন্থাই । অন্যথা অনাগত দিনত যিকোনো পৰ্যায়ৰ আন্দোলন আৰু অসমবাসী ৰাইজৰ পৰা উচিত প্ৰত্যুত্তৰৰ সন্মুখীন হবলৈ সাজু হৈ থাকিবলৈ শাসনাধিষ্ঠ চৰকাৰখন সকীয়নী প্ৰদান কৰিছে সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাই।
Comments
Post a Comment