অবিভক্ত শোণিতপুৰ জিলাত প্ৰথম জন ক'ৰোণা ৰোগী চিনাক্ত
অবিভক্ত শোণিতপুৰ জিলাত প্ৰথম জন ক'ৰোণা ৰোগী চিনাক্ত হৈছে।ইটাখোলা বালিজুৰি ২ নং ফাকৰি গুৰিৰ ট'ক গয়াৰী নামৰ ব্যক্তিজনৰ দেহত পোৱা গৈছে কভিড ১৯ পজিটিভ। ট'ক গয়াৰী নামৰ লোক জনে তেওঁৰ কৰ্মস্থলী পশ্চিম বংগৰ কলিকতাত লকডাউনত প্ৰায় ৬০ দিন ধৰি আৱদ্ধ হৈ পৰিছিল।অৱশেষত হাতত থকা টকা কেইটা খৰছ নোহোৱাৰ আগতেই কলিকতাৰ কৰ্মস্থলীৰ পৰা নিজ গৃহ তথা অসম অভিমূখে যাত্ৰা আৰম্ভ কৰে। তাৰ পাছতেই বহু যাত্ৰাৰ অন্তত আহি গুৱাহাটীত উপস্থিত হয় গুৱাহাটীৰ পৰা এখন মালবাহী ট্ৰাক যোগে আহি তেজপুৰ স্হিত মিচন চাৰিআলি আহি পায় আৰু তাৰ পাছত এখন টেম্প যোগে আহি নিজ বাসগৃহত ১৪ মেৰ দিনাখন আহি উপস্থিত হয়।ইয়াৰ পাছতেই
২ নং ফাকৰি গুৰিৰ গাওঁৰক্ষী বাহিনীয়ে কলিকতাৰ পৰা নিজ গৃহত উপস্থিত হোৱা ট'ক গয়াৰীৰ কথা জানিব পাৰি পিছ দিনা অথাৎ ১৫ মে ৰাতিপুৱা উক্ত গাওঁৰক্ষী বাহিনীৰ সম্পাদকে তেওঁক লগত লৈ ইটাখোলা উপ-আৰক্ষী চকীত উপস্থিত হয়। ইটাখোলা উপ-আৰক্ষীয়ে ট'ক গয়াৰীৰ পৰা সকলো জনাৰ পিছত চিকিৎসা পৰীক্ষাৰ বাবে ইটাখোলা নতুন স্বাস্থ্য কেন্দ্ৰলৈ প্ৰেৰণ কৰে। ইটাখোলা নতুন স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক জনে তেওঁৰ উন্নত চিকিৎসা পৰীক্ষাৰ বাবে তেজপুৰস্থিত চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। তেজপুৰস্থিত চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকে তেওঁৰ স্বাস্থ্যৰ ভাল দৰে পৰীক্ষা-নিৰিক্ষা কৰাৰ পিছত ২৮ দিনৰ বাবে ঘৰত আছুতীয়াকৈ ঘৰত থকাৰ বাবে নিৰ্দেশ দি ঘৰলৈ পঠিয়াই দিয়ে। কিন্তু তেওঁক তেজপুৰ মেডিকেল কলেজত যি পৰীক্ষা কৰা হৈছিল সেই পৰীক্ষা ৰিপৰ্ট ১৬ মে সন্ধিয়াৰ ভাগত আহিছিল।সেই ৰিপৰ্ট অনুযায়ী তেওঁৰ দেহত কভিড ১৯ পজিটিভ ধৰা পৰিছিল। আৰু লগে লগেই আৰক্ষী প্ৰশাসন আৰু স্বাস্থ্যকৰ্মীৰ দলে এম্বুলেঞ্চ যোগে তেওক পুনৰ TMC লৈ যোৱা হয়।আৰু
আজি পুৱাৰে পৰাই অঞ্চলটোত ক'ৰোণা পজিটিভ ৰোগী ধৰা পৰা ঘটনাক লৈ তীব্ৰ আতংকৰ সৃষ্টি হয়।ঘটনাস্থলীত উপস্থিত হয় জিলা প্ৰশাসনৰ লোক আৰু লগে লগেই অঞ্চলটোলৈ সোমোৱা প্ৰতিটো প্ৰৱেশদ্বাৰ ইতিমধ্যেই বন্ধ কৰি দিয়া হৈছে।আৰু কিছুসময়ৰ পাছতেই ঘটনাস্থলীত উপস্থিত হয় চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা আৰু সমগ্ৰ পৰিৱেশ পৰ্যবেক্ষণ কৰি গাওঁ খনত সকলো মানুহে ঘৰৰ বাহিৰ নোলোৱাকৈয়ে যাৱতীয় সকলো বস্তু পোৱাৰ ব্যৱস্থা কৰি দিয়াৰ কথা জানিবলৈ দিয়ে। আৰু যি গৰাকী ট'ক গয়াৰী ক'ৰোণা আক্ৰান্ত ৰোগী ইতিমধ্যে তেওঁৰ সংস্পৰ্শলৈ বহু লোক অহাৰ সম্ভৱনা আছে এইক্ষেত্ৰটো প্ৰশাসনে সংস্পৰ্শলৈ অহা লোকসকলক চিনাক্ত কৰিবলৈ সম্পূৰ্ণ ব্যৱস্থা গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে।
Comments
Post a Comment