দীঘেলিৰ প্ৰশান্তই গাই গৰু-কুকুৰা-হাঁহ-পাৰ পালনেৰে স্ব-নিৰ্ভৰশীল

*লক্ ডাউনৰ মাজতো লক্ষাধিক টকা উপাৰ্জন*
 *দীঘেলিৰ প্ৰশান্তই গাই গৰু-কুকুৰা-হাঁহ-পাৰ পালনেৰে স্ব-নিৰ্ভৰশীল*


*ৰূপক বৈশ্য, ফাৰ্ষ্ট নিউজ ৰিপোৰ্ট, নলবাৰী, ২৪ মে'*

ফ'টো আছে = 

সমগ্ৰ বিশ্বৰ লগতে অসমতো বিভীষিকা সৃষ্টি কৰা ক'ৰোনা ভাইৰাছ প্ৰতিৰোধৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ঘোষণা কৰা লক্ ডাউনত দিন মজুৰি কৰা লোকসকলৰ লগতে বিভিন্ন ফাৰ্ম হাউছ ক্ষতিগ্ৰস্ত হৈ পৰিছে । বহুত কুকুৰা ফাৰ্মৰ লগতে গাই গৰুৰ ফাৰ্মৰ গৰাকীসকল অৰ্থনৈতিকভাৱে জুৰুলা হৈ পৰিছে । তেনে সময়তে নলবাৰীৰ এগৰাকী যুৱ উদ্যোগীয়ে এক ব্যতিক্ৰমী উদাহৰণ দাঙি ধৰিছে । ব্যতিক্ৰমী চিন্তা চৰ্চাৰে উজ্বলি উঠা লোক গৰাকী হৈছে নলবাৰী জিলাৰ  দিঘেলী গাঁৱৰ প্ৰশান্ত শৰ্মা । দিঘেলী গাঁৱৰ উদ্যমী যুৱ ব্যবসায়ীজনে চৰকাৰী চাকৰিৰ আশা বাদ দি স্বনিৰ্ভৰশীল হোৱাৰ বাট উলিয়াই লৈছিল কিছু বছৰ পূৰ্বে । নিজ ঘৰতে দুই বিঘা মাটিত তেওঁ গঢ়ি তুলিছে এখন কম্প'জিট ফাৰ্ম হাউছ । নাম শৰ্মা ডায়েৰী এণ্ড কম্প'জিট ফাৰ্ম । ৫০০০  স্থানীয় কুকুৰা চৰাইৰ ফাৰ্ম হাউছখনত যুৱ উদ্যোগী শৰ্মাই পোহপাল দিছে ২৫ টা হাঁহ আৰু ৫০ যোৰা পাৰ চৰাই । তাৰোপৰি, তেওঁৰ ফাৰ্ম হাউছত ব্যৱসায়ীক ভিত্তিত পালন কৰিছে ২৫ জনী অষ্ট্ৰেলিয়ান গাই গৰু । সম্প্ৰতি ইয়াৰে ১২ জনী গাই গৰুৰ পৰা তেওঁ লাভ কৰি আছে দৈনিক ১২০ ৰ পৰা ১৫০ লিটাৰ গাখীৰ । ইয়াৰে অৰ্ধেক অংশ তেওঁ হোটেলত যোগান ধৰাৰ বিপৰীতে অৰ্ধেক অংশ মানুহে ব্যক্তিগত হিচাপে ক্ৰয় কৰে । কিন্তু সম্প্ৰতি চলি থকা লক ডাউনৰ বাবে হোটেলত গাখীৰ যোগান ধৰিব নোৱাৰাত তেওঁ বৃহৎ লোকচানৰ সন্মুখীন হোৱাৰ উপক্ৰম হৈছিল । কিন্তু ব্যৱসায়িক বুদ্ধি খটুৱাই তেওঁ বিকল্প পন্থা ল'বলৈ সক্ষম হয় । সেয়া হৈছে হোটেলত দিবলগীয়া গাখীৰখিনিৰে তেওঁ পনীৰ, দৈ, মিঠাই বনাবলৈ আৰম্ভ কৰিলে । আৰু সেয়াও স্থানীয়ভাৱে বিক্ৰী কৰি ব্যৱসায়ীক সক্ষমতা দেখুৱাব পাৰিলে ।
উল্লেখ্য যে এটি পুখুৰীৰে মীন পালন কৰা প্ৰশান্ত শৰ্মাই ইতিমধ্যে গুৱাহাটী ভেটেৰিনাৰী কলেজ, ৰহা ফিচাৰী কলেজ, আমৰংগা ৰিজিঅ'নেল ফিচাৰী ইনষ্টিটিউট আদিত প্ৰশিক্ষণ গ্ৰহণ কৰাৰ উপৰিও কলিকতাৰ কল্যাণত প্ৰশিক্ষণ গ্ৰহণ কৰিছে । ইফালে ৰাজ্যৰ কেইবাখনো স্থানত গাহৰি পালনেৰে জীবিকাৰ পথ প্ৰশস্ত কৰা কেইবাগৰাকী যুৱকক শংকৰ সংঘই এঘৰীয়া কৰি বিতৰ্কৰ সৃষ্টি কৰাৰ সময়তে ব্ৰাহ্মণ সম্প্ৰদায়ৰ হৈ কুকুৰাৰ ব্যৱসায় চলাই অহা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি যুৱ ব্যৱসায়ী প্ৰশান্ত শৰ্মাই সমালোচনা কৰা সকলক মানুহৰ বৃত্তি সন্দৰ্ভত বিতৰ্ক নকৰিবলৈ আহ্বান জনাই কয়- আমি মানুহ । ধৰ্মীয় চিন্তা চৰ্চাবোৰ আমি ঘৰত থাকোতে কৰো । বৃত্তিগত কথাত কোনেও সমালোচনা কৰা উচিত নহয় বুলিও তেওঁ কয় ।লক্ষনীয়ভাবে কেইবাবছৰ পূৰ্বে তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ নিউট্ৰিচন বিভাগৰ প্ৰধান অধ্যাপক ড৹ বৰুন ৰায়ৰ ওচৰত জীৱজন্তুৰ খাদ্যাভাসৰ শিক্ষা লৈছিল । তেওঁ উৰিষ্যাৰ ছিফাত ফাৰ্মিং  বিষয়ৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছে । সম্প্ৰতি পাঁচগৰাকী কৰ্মচাৰীক লৈ মাহেকত কেইবা লক্ষ টকাৰ ব্যৱসায় কৰিবলৈ সক্ষম হোৱা প্ৰশান্ত শৰ্মা নিশ্চিতভাৱে কৰ্মবিমুখ অসমীয়া যুৱকৰ বাবে এক আদৰ্শ ।

*প্ৰেৰকঃ ৰূপক বৈশ্য, নলবাৰী*

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা