কানপুৰত অসহায়ভাবে আৱদ্ধ নলবাৰীৰ তিনি শিক্ষাৰ্থীসহ পাঁচজন লোক

উভতিবলৈ পোৱা নাই অসম চৰকাৰৰ কোনো যোগাযোগ* 


*ৰূপক বৈশ্য, ফাৰ্ষ্ট নিউজ ৰিপোৰ্ট, নলবাৰী, ২১ মে'*


উচ্চ শিক্ষাৰ বাবে গৈ তিনি মেধাবী ছাত্রসহ পাঁচজনকৈ লোক কানপুৰত আবদ্ধ হৈ থাকিবলগীয়া হৈছে লক্ ডাউনৰ বাবে । অসম চৰকাৰৰ যোগাযোগ অবিহনে চৰম অসহায়ভাবে দিন অতিবাহিত কৰা এই লোককেইজন হৈছে নলবাৰী জিলাৰ বাঁহজানীৰ মেধাবী ছাত্র ৰিতুপন মেধি, তেওঁৰ পিতৃ দিপেশ মেধি, দিপেশ মেধিৰ জোঁৱায়েক নিৰেন ডেকা আৰু শিৱসাগৰ জিলাৰ  গেলেকিৰ মেধাবী ছাত্র পূজ্য  বৰা আৰু কামৰূপ গ্ৰাম জিলাৰ আজ্ঞাথুৰীৰ মেধাবী ছাত্র চেলিনউদ্দীন আহমেদ । তিনিওগৰাকী এৰোনেটিক ইঞ্জিনীয়াৰিঙৰ চূড়ান্ত ষান্মাষিকৰ ছাত্র । তেওঁলোকৰ ব্যৱহাৰিক অধ্যয়নৰ বাবে যোৱা ১৮ মাৰ্চত উত্তৰ প্ৰদেশৰ কানপুৰত আটাইকেইজন উপস্থিত হৈছিল । লক্ ডাউনৰ বাবে কানপুৰ গাৰ্ড এভিএচনত এদিন পাঠগ্ৰহণ কৰি আবদ্ধ হ'বলগীয়া হয় মঙ্গলদ্বীপ ল'জত । শেহতীয়াভাবে তীব্র অৰ্থ সংকটত ভোগাৰ উপৰিও ঘৰলৈ উভতি অহাৰ বাবে অসহায় হৈ পৰিছে তেওঁলোক । উত্তৰ প্ৰদেশ চৰকাৰৰ লগত যোগাযোগ অব্যাহত ৰাখিছে যদিও কোনো কামত অহা নাই । অসম চৰকাৰৰ লগত কোনো যোগাযোগ স্থাপন কৰিব পৰা নাই । তেওঁলোকক ওভতাই অনাৰ বাবে ৬০০০৬৪৫৮৬৩ আৰু ৬০০১৬৮৬৬৯৯ নম্বৰযোগে যোগাযোগ কৰিবলৈ অসম চৰকাৰক কাতৰ অনুৰোধ জনাইছে।


*প্ৰেৰকঃ ৰূপক বৈশ্য, নলবাৰী*

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা