শিৱসাগৰত কুৱাৰেন্টাইনত থকা ব্যক্তি বাহিৰত ঘূৰাৰ অভিযোগঃ

  প্ৰশাসনক সতৰ্কতা অৱলম্বন কৰিবলৈ শিৱসাগৰবাসীৰ আহ্বান ।


ফাৰ্ষ্ট নিউজ ৰিপৰ্ট শিৱসাগৰ ৩০ মে : অসমত ১০০০ অতিক্ৰম কৰিলে ক'ৰণা ৰোগীয়ে। দৈনিক অসমলৈ শ শ মানুহ বহিঃৰাজ্যৰ পৰা আহি আছে। এই সকল ব্যক্তিক চৰকাৰে স্থাপন কৰা বিভিন্ন কুৱাৰেন্টাইন চেন্টাৰত থকাৰ ব্যৱস্থা কৰিছে। চৰকাৰে স্থাপন কৰি দিয়া কুৱাৰেন্টাইন চেন্টাৰৰ বাদেও বিভিন্ন হোটেলত স্থাপন কৰি দিয়া হৈছে কুৱাৰেন্টাইন চেন্টাৰ। 

ৰাজ্যৰ বিভিন্ন জিলাৰ দৰে শিৱসাগৰতো বিভিন্ন হোটেলত কুৱাৰেন্টাইন চেন্টাৰ স্থাপন কৰিছে জিলা প্ৰশাসনে। কিন্তু শিৱসাগৰৰ ষ্ট্যেচন চাৰিআলিস্থিত এখন হোটেলত থকা কুৱাৰেন্টাইন চেন্টাৰৰ পৰা কুৱাৰেন্টাইনত থকা ব্যক্তি ৰূমৰ বাহিৰৰ পৰা ৰাজপথলৈ ওলাই অহাৰ অক অভিযোগ উঠিছে। 

নগৰৰ এএচটিচি কাষৰে এজন ব্যক্তি দিল্লীৰ পৰা আহি হোটেলখনত কুৱাৰেন্টাইত আছিল। কিন্তু ব্যক্তিগৰাকীয়ে ৰূমৰ ভিতৰত থকাৰ পৰিৱৰ্তে বাহিৰলৈ ওলাই আহি বিভিন্ন ব্যক্তিৰ লগত কথা পাতি থকা প্ৰত্যক্ষ কৰে স্থানীয় একাংশ ব্যক্তিয়ে। 

কুৱাৰেন্টাইনৰ নীতি নিয়ম উলংঘা কৰা এনে ব্যক্তিৰ বিৰুদ্ধে প্ৰশাসনক কঠোৰ ব্যৱস্থ গ্ৰহণৰ দাবী জনাইছে স্থানীয় ৰাইজে। তদুপৰি কুৱাৰেন্টাইন চেন্টাৰ স্থাপন কৰা হোটেল সমুহত নিৰাপত্তাৰক্ষী মুতেয়ন কৰাৰ দাবী কৰিছে একাংশ সচেতন ব্যক্তিয়ে। যাতে বহিঃৰাজ্যৰ পৰা আহি কুৱাৰেন্টাইনত থকা ব্যক্তিয়ে হোটেলৰ বাহিৰলৈ ওলাই আন ব্যক্তিৰ সংস্পৰ্শলৈ আহিব নোৱাৰে। 

এই ক্ষেত্ৰত শিৱসাগৰ জিলা প্ৰশাসনক কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ লগতে অধিক সতৰ্কতা অৱলম্বল কৰিবলৈ দাবী জনাইছে শিবসাগৰবাসীয়ে।  

উল্লেখ্য যে কেইদিনমানৰ পূৰ্বে চেন্নাইৰ পৰা অহি এইখন হোটেলৰ কুৱাৰেন্টাইন চেন্টাৰত থকা এজন যুৱকৰ শৰীৰত ক'ৰণা পজিটিভ পোৱা গৈছিল।

শিৱসাগৰৰ পৰা অপূৰ্বব ভূঞা ফাৰ্ষ্ট নিউজ ৰিপৰ্ট

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা