লাহােৱালত হােম কোৱাৰেণ্টাইনত থকা লােকে পােৱা নাই চৰকাৰী সাহায্য

চাবুৱাঃ বহিঃৰাজ্যৰপৰা আহি হােম কোৱাৰেণ্টাইনত থকা লােকসকলৰ খৰচ চৰকাৰৰ তৰফৰপৰা গ্ৰহণ কৰিব বুলি ঘােষণা কৰিছিল যদিও কার্য ক্ষেত্ৰত সেয়া বাস্তবায়িত হোৱা নাই। প্রতি চাৰিগৰাকী ব্যক্তিৰ বিপৰীতে ২০০০ টকা সাহায্য প্রদান কৰিব বুলি উল্লেখ কৰিছিল। কিন্তু মন কৰিবলগীয়া কথা যে লাহােৱালৰ হােম কোৱাৰেন্টাইনত থকা লােকসকলে বর্তমানলৈকে চৰকাৰৰ তৰফৰপৰা কোনাে সাহায্য সামগ্রী পােৱা নাই জানিব পৰা মতে বিহাৰৰপৰা বিশেষ শ্রমিক ৰেলযােগে ডিব্ৰুগড়ৰ বাণীপুৰত যােৱা ১৯ মে’ৰ নিশা উপস্থিত হোৱাত ডিব্ৰুগড় জিলা প্রশাসনে তিনি দিনৰ বাবে হোটেলত কোৱাৰেন্টাইনত ৰাখি ২১ মে'ত হােম কোৱাৰেন্টাইনৰ বাবে ঘৰলৈ প্ৰেৰণ কৰে। কেতিয়াৰ পৰা বৰ্তমানলৈকে লোকসকল ঘৰৰ ভিতৰত কোৱাৰেন্টাইনত আছে। উক্ত লােককেইজনৰ লগা ঘৰৰ মুঠ ৯ জনীয়া পৰিয়ালটোক প্রশাসনৰ তৰফৰপৰা হােম কোৱাৰেন্টাইন কৰি ৰাখিছে। কিন্তু বর্তমানলৈকে গৃহবন্দী হৈ থকা লােকসকলক চৰকাৰৰ তৰফৰপৰা কেনে ধৰণৰ সাহায্য সামগ্রী পোৱা নাই। ভাইকে-পিয়াহে যোৱা ২১ মে’ৰ পৰা হোেম কোৱাৰেন্টাইনত থকা লোকসকলৰ মর্মবেদনা চৰকাৰী উপলব্ধি কৰিব পৰা নাই। হােম কোৱাৰেন্টাইনত থকা লােক সকলক অতিশীঘ্ৰে সাহায্য প্রদান কৰিবলৈ লাহােৱালৰ একাংশ সচেতন লােকে চৰকাৰক আহ্বান জনাইছে। আনহাতে, ডিব্ৰুগড়ৰ পশ্চিম ৰাজহ চক্ৰৰ চক্ৰ বিষয়া প্রাঞ্জল শর্মা বৰুৱাই জানিবলৈ দিয়া অনুসৰি চৰকাৰৰ তৰফৰপৰা সম্পূর্ণ নীতি-নির্দেশনা নােপােৱা বাবে সাহায্য সামগ্রী প্রদান কৰিব পৰা নাই যদিও কম সময়ৰ ভিতৰত হােম কোৱাৰেন্টাইনত থকা লােক সকলক সাহায্য-সামগ্রী প্রদান কৰা হ'ব।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা