লকডাউন ৪.০ : ডিব্ৰুগড় প্ৰশাসনৰ নিৰ্দেশনা

ডিব্ৰুগড় সদৰৰ বিশেষ প্ৰতিবেদক : ️লকডাউন ৪ সন্দৰ্ভত নিৰ্দেশনা জাৰি কৰিছে ডিব্ৰুগড় প্ৰশাসনে। এই অনুসৰি জনোৱা হৈছে যে ডিব্ৰুগড় জিলাত নিশা ৭ বজাৰ পৰা পুৱা ৭ বজালৈ জৰুৰীকালীন কামৰ বাহিৰে অন্য কাৰণত চলা-ফুৰা কৰাৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে । নিষেধাজ্ঞা উলংঘা কৰা ব্যক্তি ভাৰতীয় দণ্ডবিধিৰ ১৮৮ নং ধাৰা আৰু দুৰ্যোগ ব্যৱস্থাপনা আইন,২০০৫ ৰ ৫১ৰ পৰা ৬০ নং ধাৰাৰ অধীনত দণ্ডনীয় হ'ব বুলি জনাইছে প্ৰশাসনে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা