দিহিং পাটকাই অভয়াৰণ্য কয়লা খননৰ বিৰোধিতা যুৱ মঞ্চৰ

চাবুৱাঃ বর্তমান সমগ্র বিশ্বতে মহামাৰীৰ ৰূপ ধাৰণ কৰা মেঃ (কভিদ-১৯)ই সন্ত্রাস চলাই থকাৰ সময়তে কেন্দ্রীয় চৰকাৰে দিহিংপাটকাই অভয়াৰণ্যত কয়লাৰ মুক্ত খননৰ অনুমতি প্রদান করেছে। এই দিহিং পাটকাই বন্যপ্রাণী বীর্য ঘন বনাঞ্চল বাবে সমগ্র বিশ্বতে এই বন্যপ্রাণী অভয়াৰণ্য খন বিখ্যাত আমাজন অফ ইষ্টনাম জনাজাত। অসমৰ তিনিখন জিলা ক্রমে তিনিচুকীয়া, ডিব্রুগড় আৰু চৰাইদেউৰ লগতে অৰুণাচল প্রদেশৰ টিপ আৰু চাংলাং জিলালৈ বিস্তৃত দিহিংপাটকাই বর্ষাঅৰণ্য চেলেকী হস্ত প্রকল্পৰ ৯৮.৬৯ হেক্টৰ ভূমিত যি কয়লা খননৰ বাবে ‘নেচনেল বর্ড অফ বাইল্ডলাইফে’ অনুমতি প্রদান কৰিছে তাক বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ কেন্দ্রীয় সমিতিৰ তৰফৰ পৰা তীব্র বিৰােধিতা কৰিছে। যি সময়ত সমগ্র বিশ্বই প্রকৃতি সুৰক্ষা কৰিবলৈ বিভিন্ন পদক্ষেপ গ্রহণ কৰিছে তেনেসময়তে কেৱল পুঁজিপতিৰ স্বাৰ্থত কেন্দ্রীয় নেতৃত্বাধীন বিজেপি চৰকাৰে দিহিংপাটকাইত কয়লা খনৰ অনুমতি প্রদান কৰাটো লজ্জাজনক। ভাৰত চৰকাৰে দিহিংপাটকাই অভয়াৰণ্যত মুক্তভাৱে কয়লা খনন কৰি বর্ষাঅৰণ্যখনত থকা জীৱ-জন্তুলৈও যে ভাবুকি কঢ়িয়াই আনিব সেয়া নিশ্চিত। চৰকাৰে এই ক্ষেত্ৰত অতিশীঘ্ৰে দিহিং পাটকাইত কয়লা খনৰ যি অনুমতি প্রদান কৰিছে তাক বাতিল কৰিবলৈ দাবী জনাইছে। লগতে ভৱিষ্যতে প্রকৃতিক ক্ষতি কৰিব পৰা কোনােধৰণৰ সিদ্ধান্ত নলবলৈ চৰকাৰক সকীয়াই দিয়ে অন্যথা সমগ্ৰ অসমতে আন্দোলনৰ কাৰ্যসূচী ঘােষণা কৰিব বুলি কেন্দ্ৰীয় সমিতিৰ সভাপতি পদ্মকান্ত দাস আৰু সচিব প্ৰধান প্ৰণৱজ্যোতি সন্দিকৈয়ে এক প্ৰেছ বিবৃতি যোগে জানিবলৈ দিয়ে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা