মাজুলীত ক'ভিড-১৯ পজিটিভ হোৱাৰ পাছতেই মাজুলী জিলা প্ৰশাসনে এলেকাটো নিয়ন্ত্ৰিত এলেকা' (Containment Zone) হিচাপে ঘোষণা

পৰাণজ্যোতি বৰা, মাজুলী,২০ মে':


মাজুলীত প্ৰথমতো  ক'ভিড-১৯ পজিটিভ   হোৱাৰ পাছতেই মাজুলী জিলা প্ৰশাসনে এলেকাটো নিয়ন্ত্ৰিত এলেকা' (Containment Zone) হিচাপে ঘোষণা কৰিছে। উল্লেখযোগ্য যে চেন্নাই এটা ব্যক্তিগত কোম্পানীত কৰ্মৰত আছিল  উজনি মাজুলী চাউৰেকীয়াৰ মৃনাল গগৈ (২৪) নামৰ যুৱক জন।যুৱকজন চেন্নাই পৰা ৰেলেৰে আহিছিল গুৱাহাটীৰলৈ আৰু গুৱাহাটীৰ পৰা বাছেৰে আহিছিল মাজুলীলৈ  ১৫ মে,ত।মাজুলীলৈ আহি লজ এনচানটিং মাজুলীত কোৱাৰেণ্টাইন বিচাপে ৰাখিছিল ৫ জন সতীৰ্থৰ সৈতে।১৮ মে'   নিশা covid -19 পজিটিভ ধৰা  পৰাৰ পাছতেই ১৯ মে' ৰাতি পুৱা মাজুলী স্বাস্থ্য বিভাগ আৰু জিলা প্ৰশাসনৰ লোকৰ উপস্থিতিত যুৱক জনক লজ এনচানটিংৰ পৰা ১০৮ তৰ যোগেদি যোৰহাটলৈ লৈ যোৱা হৈছিল আৰু আজি মাজুলী জিলা প্ৰশাসনৰ তত্বাৱধানত গড়মূৰৰ চিতাদাৰচুকস্থিত  কুৱাৰেণ্টিন কেন্দ্ৰটোত থকা বহিঃ ৰাজ্যৰ পৰা অহা মাজুলীৰএই  যুৱক জনৰ ক'ভিড-১৯ সংক্ৰমিত হিচাপে চিনাক্ত হোৱাৰ পৰিপ্ৰেক্ষিতত চিতাদাৰচুকত 'ৰিছং ফেমিলী গেষ্ট হাউছ' অৱস্থিত এলেকাটো জিলা প্ৰশাসনে তাৎক্ষণিক ভাৱে বলৱৎ হোৱাকৈ 'নিয়ন্ত্ৰিত এলেকা' (Containment Zone) হিচাপে ঘোষণা কৰিছে। ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ নিয়মাৱলীৰ আধাৰত আৰু জিলাখনত ক'ভিড-১৯ৰ অধিক সংক্ৰমণ প্ৰতিৰোধৰ স্বাৰ্থত মাজুলীৰ উপায়ুক্ত তথা জিলা দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণৰ অধ্যক্ষ  বিক্ৰম কৈৰীয়ে জাৰি কৰা এই সম্পৰ্কীয় আদেশ অনুসৰি এই নিয়ন্ত্ৰিত এলেকাৰ চাৰিসীমা হৈছে- পূৱে লা মেছ' ৰিজ'ৰ্ট আৰু  মহেন্দ্ৰ পায়েঙৰ বাসগৃহ, পশ্চিমে চিতাদাৰ-বালিচাপৰি পথ, উত্তৰেও চিতাদাৰ-বালিচাপৰি পথ আৰু দক্ষিণ দিশত এনচাণ্টিং মাজুলী ৰিজৰ্ট। এই নিয়ন্ত্ৰিত এলেকাত প্ৰশাসনৰ অনুমতি অবিহনে যিকোনো লোকৰ প্ৰৱেশ-প্ৰস্থান বা ঘূৰা-ফিৰা আৰু যান-বাহনৰ চলাচল সম্পূৰ্ণ নিষিদ্ধ কৰা হৈছে। বাহিৰৰ পৰাও অনুমতি নথকা কোনো লোক বা যান-বাহন এই নিয়ন্ত্ৰিত এলেকাত প্ৰৱেশ কৰিব নোৱাৰিব। পৰৱৰ্তী আদেশ জাৰি নকৰালৈকে এলেকাটোত এই নিষেধাজ্ঞা বাহাল থাকিব। এই আদেশ উলংঘাকাৰীৰ বিৰুদ্ধে 'অসম ক'ভিড-১৯ নিয়মাৱলী ২০২০', দুৰ্যোগ প্ৰশমন আইন ২০০৫, মহামাৰী প্ৰতিৰোধ আইন ১৮৯৭ৰ লগতে ভাৰতীয় দণ্ডবিধিৰ ১৮৮ নং ধাৰা অনুসৰি কাৰ্যব্যৱস্থা গ্ৰহণ কৰা হ'ব।


পৰাণজ্যোতি বৰা, মাজুলী।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা