লকডাউনৰ সযোগ গ্ৰহণ কৰি চৰকাৰে অসমৰ সম্পদ সমূহৰ ওপৰত লুন্ঠনৰাজৰ অভিযোগ উত্থাপন অনুসূচিত জাতি ছাত্ৰ সন্থাৰঃ

লকডাউনৰ সযোগ গ্ৰহণ কৰি চৰকাৰে অসমৰ সম্পদ সমূহৰ ওপৰত লুন্ঠনৰাজৰ অভিযোগ উত্থাপন  অনুসূচিত জাতি ছাত্ৰ সন্থাৰঃ সামাজিক দুৰত্ব মানিয়েই প্ৰতিবাদ আছুৰ 

ফাৰ্ষ্ট নিউজ ৰিপৰ্ট  শিৱসাগৰ , ২৪ মে : দিহিং পাটকাই অভয়াৰণ্যত কয়লাৰ মুক্ত খননৰ অনুমোদন জনাই চৰকাৰে দিহিং পাটকাইৰ জৈৱ বৈচিত্ৰৰ প্ৰতি ভাবুকি আনিছে । এই কাৰ্য্য গৰিহণাযোগ্য বুলি অভিহিত কৰিছে অনুসূচিত জাতি ছাত্ৰ সন্থাই | সংগঠনটোৰ কেন্দ্ৰীয় সম্পাদক পৰশ জ্যোতি দাসে সংবাদ মাধ্যমলৈ দিয়া এক প্ৰেছবাৰ্তাত এই অভিযোগ উতথাপন কৰি কয় যে লকডাউনত দেশৰ লগতে অসমৰ কোনো লোক বাহিৰলৈ ওলাব নোৱাৰাৰ সুযোগতে কেন্দ্ৰীয় চৰকাৰে অসমৰ তৈলক্ষেত্ৰসমূহক পূজিপতিৰ হাতত গতাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰি চৰকাৰৰ অসম বিৰোধি মনোভাৱ উদঙাই দেখুৱাইছে বুলিও অভিহিত কৰিছে  সম্পাদক গৰাকীৰ স্বাক্ষ্যৰিত প্ৰেছবাৰ্তাত । অনুসূচিত জাতি ছাত্ৰ সন্থাই এই ক্ষেত্ৰত নিজৰ স্থিতি স্পষ্ট কৰি কয় যে অসমৰ সম্পদ সমূহত অসমীয়া জনতাৰ অধিকাৰ আছে। অসমীয়া ৰাইজে এই সম্পদসমূহৰ ওপৰত লুন্ঠন চলাবলৈ কেন্দ্ৰীয় চৰকাৰক ঠিকা দিয়া নাই আৰু অসমৰ সৰ্ব্বানন্দ সোনোৱাল চৰকাৰক এই লুন্ঠনৰাজত সহযোগিতা কৰিবলৈ অসমৰ জনতাই শাসনভাৰ গটোৱা নাই । অসমীয়া ৰাইজক স্বাধীনোত্বৰ কালৰে পৰা কেন্দ্ৰীয় চৰকাৰে প্ৰতাৰনাৰে শোষণ চলাই থকা কাৰ্য্যক কোনো কাৰণতে সহ্য কৰা নহব | চৰকাৰে অসমৰ সম্পদসমূহৰ ওপৰত নিজা মন অনুযায়ী ব্যৱহাৰ কৰিব নোৱাৰিব। দিহিং পাটকাই অভায়াৰণ্যত কয়লাৰ মুক্ত খনন আৰু অসমৰ তৈল ক্ষেত্ৰ সমূহ পুজিপতিক গতোৱাৰ  হঠকাৰী সিদ্ধান্তৰ পৰা চৰকাৰক বিৰত থাকিবলৈ সকীয়াই দিয়ে সংগঠটোৱে । সংগঠনটোৰ  সম্পাদক গৰাকীয়ে বিবৃতিটোত  চৰকাৰে প্ৰকৃততে বৰ্তমানৰ পৰিবেশ পৰিস্থিতিৰ সুযোগ গ্ৰহণ কৰি অসমৰ জনতা চুড়ান্ত প্ৰতাৰণা কৰিছে । চৰকাৰে ভাবিছে এই লক ডাউনৰ সময়খিনিত অসমৰ সম্পদসমূহৰ ওপৰত হাত দিলেও অসমীয়া ৰাইজৰ প্ৰতিবাদ কৰাৰ আশংকা নাই। কিন্তু চৰকাৰে পাহৰি গৈছে যে অসমীয়া ৰাইজে সময় অনুযায়ী প্ৰত্যুত্তৰ দিব জানে। অসমৰ সম্পদ সমূহৰ ওপৰত অসমীয়া ৰাইজৰ যি অধিকাৰ, সেই অধিকাৰৰ পৰা বঞ্চিত নকৰিবলৈ সংগঠনটোৱে সকীয়াই দিয়ে | ইফালে তৈলক্ষেত্ৰ ব্যক্তিগত খণ্ডক হস্তান্তৰ কৰা সিদ্ধান্তৰ প্ৰতিবাদত আজি DBG ৰ সন্মুখত শিৱসাগৰ জিলা ছাত্ৰ সন্থাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে |
 তৈলক্ষেত্ৰ ব্যক্তিগত কোম্পানীক হস্তান্তৰ কৰাৰ বিৰুদ্ধে প্ৰতিকূল বতৰ ও নেওচি সামাজিক দূৰত্ব বজায় ৰাখি প্ৰতিবাদ সাব্যস্ত কৰে জিলা ছাত্র সন্থাই ।  ৮ খনকৈ তৈলক্ষেত্ৰ ব্যক্তিগত কোম্পানীক হস্তান্তৰ কৰিবলৈ লোৱাৰ সিদ্ধান্তত তীব্ৰ প্ৰতিবাদ আছুৰ । ক'ৰুণা ভাইৰাচৰ মহামাৰীৰ বাবে দেশত চলি থকা ল'ক ডাউনৰ সুযোগ গ্ৰহণ কৰি চৰকাৰে অতি চতুৰতাৰে তৈলক্ষেত্ৰ সমূহ ব্যক্তিগত খণ্ডৰ হাতত গটাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । যাতে কোনো দল সংগঠনে কোনো ধৰনৰ প্রতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰিব নোৱাৰে তেনে সুযোগতে অসমৰ সম্পদ সমুহৰ ওপৰত লুন্ঠন কৰি অসমক কোঙা কৰা ষড়যন্ত্ৰৰে চক্ৰান্ত বুলি দাবী কৰিছে আছুৱে । 

শিৱসাগৰৰ পৰা অপূৰ্ব্ব ভূঞা ফাৰ্ষ্ট নিউজ ৰিপৰ্ট

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা