ডিব্ৰুগড়ত শান্তিপূৰ্ণ ভাৱে ঈদ উল ফিটৰ উদযাপন: বিভিন্নজনৰ শুভেচ্ছা

চাবুৱাঃ  ডিব্ৰুগড়ৰ ইছলাম ধৰ্মী লোকসকলে দেশৰ অন্যান্য ঠাইৰ লগতে ডিব্ৰুগড়তো আজি ( সোমবাৰ )শান্তিপূৰ্ণ ভাৱে ঘৰতে পৰিয়ালৰ সৈতে ঈদ উৎসৱ আৰু  ঈদৰ নামাজ  সম্পন্ন কৰে ।এই ঈদক 'ঈদ উল ফিটৰ' বুলি কোৱা হয় । ফিটৰা বা দান দিয়া হয় বাবে এই ঈদক ঈদুল ফিটৰ বা দানৰ উৎসৱ  বুলি কোৱা হয়। সম্প্ৰতি সমগ্ৰ বিশ্বতে ক'ৰোণা মহামাৰীয়ে যি তাণ্ডৱৰ সৃষ্টি কৰিছে তাৰ পৰা মানৱ জাতিয়ে পৰিত্ৰাণ পাবলৈ ভাৰত চৰকাৰৰ লগতে অসম চৰকাৰে  লক ডাউনৰ বাবে যি নীতি নিৰ্দেশনা জাৰি কৰিছে তাৰ প্ৰতি পূৰ্ণ সমৰ্থন জনাই ডিব্ৰুগড়ত থকা  দুখনকৈ ঈদগাহ ক্ৰমে গ্ৰাহাম বজাৰত থকা  'কেন্দ্ৰীয় ঈদগাহ' আৰু আমোলাপট্টিৰ " আলহজ জালাল উদ্দিন আহমেদ  ঈদগাহ ময়দান " সম্পূৰ্ণ ৰূপে বন্ধ ৰখাৰ পৰিপ্ৰেক্ষিতত  আজি নিজৰ নিজৰ বাসগৃহৰ চৌহদত পৰিয়ালৰ লগত সম্পূৰ্ণ ভাৱে সামাজিক ব্যৱধান মানি লৈ ঈদৰ দুই ৰাকাত "ৱাজীৱ নামাজ" সম্পন্ন কৰে। ডিব্ৰুগড় জিলাত থকা  ২৭ টা মছজিদতো সামাজিক ব্যৱধান মানি তিনি চাৰি জনৰ ভিতৰতে সীমাবদ্ধ ৰাখি  ঈদৰ নামাজ শান্তিপূৰ্ণ ভাবে আদায় কৰে। ঈদৰ দিনাখন সৰুৱে ডাঙৰক 'তছলিম 'কৰাৰ লগতে আলিংগন কৰাৰ প্ৰথা আছে যদিও সকলোৱে লক ডাউনৰ প্ৰতি লক্ষ্য ৰাখি  কোনোধৰণৰ  মোছাফা বা আলিংগন নকৰি ঈদ মোবাৰাক জনায়। উল্লেখযোগ্য যে এইবাৰ ইছলামধৰ্মী লোক সকলে কোনোধৰণৰ জাক জমকতা,আনন্দ স্ফূৰ্তি আদি নকৰি ,বজাৰ সমূহৰ পৰা ছেৱাই ,মিঠাই,কাপোৰ কানি আদি ক্ৰয় নকৰি পৰিয়ালৰ স'তে ঘৰতে অনাড়ম্বৰভাৱে ঈদ উৎসৱৰ পৰম্পৰা ৰক্ষা কৰি কেৱল আনুষ্ঠানিকতাহে  পালন কৰিছে। মহিলা সকলে ঘৰতে থাকি কেক, মিঠাই আদিৰে আলহীক  সীমিত সমগ্ৰীৰে যৎপৰনাস্তি  আপ্যায়ন কৰে ।ডিব্ৰুগড়ত থকা কবৰ স্থান সমূহতো সামাজিক ব্যৱধান অটুট ৰাখি দুই চাৰিজনকৈ গৈ গেটৰ বাহিৰৰ পৰাই মৃতক সকলোৰ বাবে প্ৰাৰ্থনা কৰে।  প্ৰতিটো মছজিদতে ভ্ৰাতৃত্ব বোধৰ বাণীৰে  বিশ্ব শান্তিৰ কাৰণে, লগতে কোভিড -১৯  মহামাৰীয়ে যি সন্ত্ৰাসৰ সৃষ্টি কৰিছে তাৰ পৰা পৰিত্ৰাণৰ বাবে দোৱা প্ৰাৰ্থনা কৰে। আজিৰ ঈদ উল ফিটৰৰ উৎসৱ আৰু ঈদৰ নামাজ শান্তিপূৰ্ণ ভাৱে পালন কৰাৰ  বাবে ডিব্ৰুগড়ৰ কেন্দ্ৰীয় ঈদগাহ কমিটিৰ সভাপতি জাভেদ আখটাৰ খান,সম্পাদক দিয়ান উদ্দিন আহমেদ, জাকাত এণ্ড ইমদাদ ফাউণ্ডেচনৰ সভাপতি ডাঃ চাজিদ আহমেদ, সম্পাদক নাচিৰ চুলতান, আমোলাপট্টি কবৰ স্থান সমিতিৰ সভাপতি তাৰিক মাহমুদ ৰহমান, আমোলাপট্টিৰ আলহজ জালাল উদ্দিন আহমেদ ঈদগাহ কমিটিৰ সভাপতি ছবিৰ আহমেদ আৰু  সম্পাদক জাভেদ ৰহমান, নালিয়াপুল কবৰ স্থান কমিটিৰ সভাপতি আৰু সম্পাদক, ডিব্ৰুগড় জিলা হিলাল কমিটিৰ সভাপতি আলহজ মৌলানা আইনান জুবেৰী, সম্পাদক আব্দুল মতিন, ডিব্ৰুগড় জিলা ইমাম সন্থাৰ সভাপতি আলহজ ছাব্বিৰ আহমেদ আৰু সম্পাদক আজহজ মৌলানা অতিকুৰ ৰহমান কাছিমি , ডিব্ৰুগড়ৰ চেণ্টাৰ ফৰ ইছলামিক  ষ্টাদিজৰ সভাপতি ডাঃ আহমেদ উল্লা খান আৰু সম্পাদক আলহজ ছেহিৰ আহমেদ আদিকে ধৰি  বিভিন্ন দল সংগঠনে ৰাইজলৈ ঈদৰ শুভেচ্ছা জনোৱাৰ লগতে জিলা প্ৰশাসন আৰু পুলিচ প্ৰশাসনক তেওঁলোকে নিয়াৰিকৈ কৰা কামৰ পদক্ষেপক শলাগ লয় আৰু ধন্যবাদ জ্ঞাপন কৰে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা