অক্ষয় টেলিকমিউনিকেচনৰ স্বত্বাধিকাৰী অক্ষয় চান্দ বৈদৰ ঘনিষ্ঠ মন্ত্ৰী ফনীভূষণ চৌধুৰীক তদন্তৰ আওতাত আনিব লাগে -- কৃষক মুক্তি সংগ্ৰাম সমিতি

এছ আই কেলেংকাৰী প্ৰসংগ

অক্ষয় টেলিকমিউনিকেচনৰ স্বত্বাধিকাৰী অক্ষয় চান্দ বৈদৰ ঘনিষ্ঠ মন্ত্ৰী ফনীভূষণ চৌধুৰীক তদন্তৰ আওতাত আনিব লাগে -- কৃষক মুক্তি সংগ্ৰাম সমিতি 

চিবিআই তদন্তৰো দাবী সংগঠনটোৰ 

বঙাইগাঁওঃ ১ অক্টোৱৰঃ এছ আই পৰীক্ষা  অনুষ্ঠিত কৰাৰ দায়িত্ব লাভ কৰা কেলট্ৰন নামৰ ব্যক্তিগত প্ৰতিষ্ঠানটোৰ পৰা উপ ঠিকা লাভ কৰা অক্ষয় টেলিকমিউনিকেচনৰ অন্যতম স্বত্বাধিকাৰী অক্ষয় চান্দ বৈদ ওৰফে আখিয়া চান্দ আৰু তেওঁৰ সৈতে অতি ঘনিষ্ঠ সম্পৰ্ক থকা মন্ত্ৰী ফনীভূষণ চৌধুৰীকো তদন্তৰ আওতালৈ আনিবলৈ দাবী জনাইছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বঙাইগাঁও জিলা সমিতিয়ে ৷ এছ আই কেলেংকাৰী সন্দৰ্ভত বুধবাৰে সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বঙাইগাঁও জিলা সমিতিৰ সাধাৰণ সম্পাদক নন্দন দেৱনাথে এই দাবী জনাই কয় যে অসমৰ লাখ লাখ নিবনুৱাৰ ভবিষ্যতৰ সপোন আশা- আকাংক্ষাক ধুলিস্যাৎ কৰি আৰএছএছ আৰু বিজেপিৰ নেতা-পালি নেতাই এছ আই কেলেংকাৰীত প্ৰত্যক্ষ ভাবে জড়িত হৈ পৰিছে ৷ কিন্তু অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ৰাইজৰ ব্যাপক প্ৰতিক্ৰিয়াৰ পাছত বিষয়টোৰ ওপৰত নাম মাত্ৰ এটি তদন্ত ঘোষণা কৰিছে ৷ য'ত তদন্তৰ দায়িত্ব অৰ্পণ কৰা হৈছে চিআইডিৰ ওপৰত ৷ কিন্তু চিআইডিয়েও এই তদন্তৰ নামত আৰম্ভ কৰিছে ভেকোভাওনা ৷ প্ৰকৃত ৰৌ- বৰালীক গ্ৰেপ্তাৰ নকৰি কেবল কেইজনমান ছাত্ৰক গ্ৰেপ্তাৰ কৰি এই তদন্তৰ গতি আগবঢ়াব বিচাৰিছে ৷ সেয়ে এই তদন্তৰ দায়িত্ব চিবিআইক দিয়াৰো দাবী জনায়৷ সাধাৰণ সম্পাদকগৰাকীয়ে লগতে এছ আইৰ পৰীক্ষাৰ দায়িত্ব লাভ কৰা কেলট্ৰন নামৰ ব্যক্তিগত প্ৰতিষ্ঠানটোৰ পৰা উপ ঠিকা লাভ কৰি পৰীক্ষা অনুষ্ঠিত কৰা এমেনটেক আৰু অক্ষয় টেলিকমিউনিকেচনৰ স্বত্বাধিকাৰী সকলক তদন্তৰ আওতা লৈ কিয় অনা নাই বুলিও প্ৰশ্ন উত্থাপন কৰি কয় যে অক্ষয় টেলিকমিউনিকেচনৰ মুখ্য স্বত্বাধিকাৰী হৈছে অক্ষয় চান্দ বৈদ ওৰফে আখিয়া নামৰ বঙাইগাঁৱৰ বিতৰ্কিত ব্যবসায়ী এজন ৷ যিজনৰ সৈতে মন্ত্ৰী ফনীভূষণ চৌধুৰীৰ আছে অতি ঘনিষ্ঠ সম্পৰ্ক ৷ অক্ষয় চান্দ বৈদ আৰু মন্ত্ৰী ফনীভূষণ চৌধুৰী একেটা মুদ্ৰাৰ দুই পিঠি বুলিও অভিহিত কৰে ৷ কৃষক মুক্তিৰ নেতাজনে লগতে কয় যে মন্ত্ৰী ফনীভূষণ চৌধুৰীৰ মুখ্য আৰ্থিক দিশ পৰিচালনা কৰে এই অক্ষয় চান্দ বৈদে ৷ সেয়ে এছ আই পৰীক্ষা পৰিচালনাৰ উপ ঠিকা লাভ কৰা এটা প্ৰতিষ্ঠানৰ লগত ইমান সু -সম্পৰ্ক থকাৰ পৰিপেক্ষিতত মন্ত্ৰী ফনীভূষণ চৌধুৰীকো তদন্তৰ আওতাত আনিবলৈ সংগঠনটোৰ নেতাজনে দাবী জনায় ৷ লগতে অক্ষয় চান্দ বৈদকো এই তদন্তৰ আওতালৈ আনিবলৈ দাবী জনায় ৷ ইপিনে নিখিল ভাৰত যুৱ কংগ্ৰেছৰ মুখপাত্ৰ জ্যোতিৰ্ময় বৈশ্যই সংবাদ মাধ্যমৰ আগত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে অক্ষয় টেলিকমিউনিকেচনৰ অন্যতম স্বত্বাধিকাৰী অক্ষয় চান্দ বৈদ হৈছে এজন মাটিৰ দালাল আৰু মন্ত্ৰী ফনীভূষণ চৌধুৰীৰ এজন পোহনীয়া ব্যৱসায়ী ৷ যোগান বিভাগৰ চাউল চুৰি কেলেংকাৰী, জুৱা খেল পতা আদি বিভিন্ন অভিযোগ আছে এই জন বিতৰ্কিত ব্যৱসায়ী অক্ষয় চান্দ বৈদৰ বিৰুদ্ধে ৷ সেয়ে শূন্য সহনশীলতাৰ কথা কোৱা অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে কিয় অক্ষয় চান্দ বৈদক তদন্তৰ আওতালৈ অনা নাই বুলিও প্ৰশ্ন উত্থাপন কৰে ৷ যুৱ কংগ্ৰেছৰ মুখপাত্ৰ বৈশ্যই লগতে কয় যে অগপ দলৰ এজন যুৱ নেতাই এই কেলেংকাৰীত জড়িত হৈ আমেৰিকালৈ পলায়ন কৰিছে ৷ অক্ষয় চান্দ বৈদক তদন্তৰ আওতালৈ আনিলে হয়তো ইয়াৰ প্ৰকৃত সদ্ভেদ ওলাব আৰু এই ঘটনাত মন্ত্ৰী ফনীভূষণ চৌধুৰীও জড়িত হোৱাৰ সম্ভাৱনা থকাৰ বাবে অক্ষয় চান্দক এই তদন্তৰ আওতা লৈ অনা নাই বুলি মন্তব্য প্ৰকাশ কৰে যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ গৰাকীয়ে ৷ 

প্ৰণৱ কুমাৰ ডেকা 
বঙাইগাঁও

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা