বঙাইগাঁৱত কৃষক বিৰোধী বিধেয়কৰ প্ৰতিলিপি দাহ কৰি আছুৰ প্ৰতিবাদ

বঙাইগাঁওঃ ২৫ ছেপ্টেম্বৰঃ কৃষক বিৰোধী বিধেয়কৰ বিৰোধিতা কৰি তথা বাতিলৰ দাবীত আজি বঙাইগাঁৱত আছুৱে কৃষক বিৰোধী বিধেয়কৰ প্ৰতিলিপি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত বঙাইগাঁও চহৰস্থিত জিলা আছুৰ মুখ্য কাৰ্যালয় ছহিদ ভৱনৰ সন্মুখৰ মূল ৰাজ পথত বঙাইগাঁও আঞ্চলিক ছাত্ৰ সন্থাই এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। আছু কৰ্মীসকলে কৃষকৰ উৎপাদন, বাণিজ্য আৰু ব্যৱসায় বিধেয়ক ২০২০,  কৃষকৰ মূল্য নিশ্চিতকৰণ আৰু কৃষি সেৱা বিধেয়ক ২০২০ আৰু অত্যাৱশ্যকীয় সেৱা সামগ্ৰীৰ সংশোধিত বিধেয়ক ২০২০ ৰ প্ৰতিলিপি দাহ কৰাৰ লগতে  বিজেপি চৰকাৰ হুচিয়াৰ ,বিজেপি চৰকাৰ মুৰ্দাবাদ ,কৃষক বিৰোধী বিধেয়ক বাতিল কৰক আদি বিভিন্ন শ্লোগান দিয়ে ৷ আছুৰ আঞ্চলিক সমিতিৰ সভাপতি কুলজিৎ ৰায়ে নৰেন্দ্ৰ মোডী নেতৃত্বধীন বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰি অতি শীঘ্ৰে এই কৃষক বিৰোধী বিধেয়ক বাতিল কৰিবলৈ দাবী জনায়। প্ৰতিবাদী কাৰ্যসূচীত আঞ্চলিক আছুৰ সাধাৰণ সম্পাদক জগদ্বীশ ৰায়কে ধৰি আছু কৰ্মীসকল উপস্থিত থাকে ৷ 


প্ৰণৱ কুমাৰ ডেকা 
বঙাইগাঁও 

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা