কালুগাওঁ - দিচাংমুখৰ বহু অঞ্চলত জিঅ আৰুএয়াৰটেল নেটৱৰ্কে জলাকলা খুৱাইছে জনসাধাৰণক

ফাৰ্ষ্ট নিউজ ৰিপৰ্ট শিৱসাগৰ ,৫ চেপ্তেম্বৰ : "ডিজিটেল ইণ্ডিয়া" আওৰাই বিশ্বৰ বুকুত শক্তিশালী ভাৰতৰ নাম লিপিবদ্ধ কৰিবলৈ অহৰহ চেষ্টা কৰা মোদী চৰকাৰখনৰ দিনত শিৱসাগৰ জিলা অন্তৰ্গত কালুগাওঁ এলেকাধিন প্ৰায় ৫-৬ গাওঁ , গায়ন গাওঁ , হোলাপাৰ গায়ন গাওঁ , কৈৱত্ত কালুগাওঁ , জেৰেঙা , ভৰলুৱা গাওঁ , বৰবৰটেকেলা গাওঁ , জাপীসজীয়া গাওঁ আদিৰ লগতে  দিচাংমুখৰ  পাশ্বৱৰ্তী গাঁওসমূহৰ ৰাইজে জিঅ' , এয়াৰটেল ৪ জি , ভোডাফ'ন  নেটৱৰ্ক বিচাৰি হাহাকাৰ কৰিবলগীয়া হৈছে । সময়ৰ সৎ ব্যৱহাৰ কৰি তথা যিকোনো কামৰ অযথা সময় নষ্ট কৰাৰ পৰা পৰিত্ৰান পাবৰ বাবে ৰাইজক ঘৰতে ডিজিটেল ভাৱে যিকোনো কাম কৰিবলৈ মোদী চৰকাৰে প্ৰয়াস কৰিছে যদিও সকলো ফুটুকাৰ ফেনলৈ পৰিণত কৰিছে নেটৱৰ্ক কোম্পানীসমূহে।এআৰচেল নামৰ কোম্পানীটোয়ে সেই অঞ্চল সমুহত সুন্দৰ নেটৱৰ্ক প্ৰদান কৰিছিল , এআৰচেল বন্ধ হৈ যোৱাৰ ফলত সম্প্ৰতি জনসাধাৰণৰ নেটৱৰ্ক পাবলৈ হাহাকাৰ কৰিব লগা হৈছে |ইপিনে কৰ'না সংহাৰী ৰূপ ধাৰন কৰাৰ সময়ত ৰাজ্যখনৰ সকলো শিক্ষানুষ্ঠানসমূহ বন্ধ হোৱাৰ ফলত ছাত্ৰ-ছাত্ৰী শৈক্ষিক দিশত যাতে ক্ষতিগ্ৰস্ত নহয় তাৰ বাবে ৰাজ্য চৰকাৰে শিক্ষক-শিক্ষয়িত্ৰীসকলক অনলাইনৰ ব্যৱস্থাৰ জৰিয়তে পাঠদান কৰিবলৈ কঠোৰ নীতি নিৰ্দেশনা দিছে যদিও নেটৱৰ্ক কোম্পানীবোৰে নিম্ন হাৰৰ নেটৱৰ্ক যোগান ধৰাৰ বাবে শিক্ষক-শিক্ষয়িত্ৰী লগতে ছাত্ৰ-ছাত্ৰী পাঠদানত বাধা প্ৰাচীৰ ৰূপে থিয় দিছে।নেটৱৰ্ক কোম্পানীবোৰে উচ্চ নেটপেক বৰ্ধিত হাৰত লৈ আৰু ৰাইজক বিভিন্ন সা-সুবিধা প্ৰলোভন দেখুৱাই শেষত নিম্ন মানদণ্ড নেটৱৰ্ক যোগান ধৰি  ৰামঠগন দিয়া প্ৰতিযোগিতাত নামি পৰিছে ।কালুগাওঁ , দিচাংমুখৰ লগতে পাশ্বৱৰ্তী গাঁওসমূহৰ ৰাইজে নিজৰ ল'ৰা-ছোৱালীক অনলাইন পাঠদানত  দুৰ্বল নেটৱৰ্কে যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে বুলি খেদ প্ৰকাশ কৰিছে । এইক্ষেত্ৰত নেটৱৰ্ক কোম্পানীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ জিলা উপায়ুক্তক অনুৰোধ জনাইছে । নহ'লে ছাত্ৰ-ছাত্ৰী শৈক্ষিক দিশটো অন্ধকাৰলৈ গতি কৰিব বুলি অঞ্চলসমুহৰ ৰাইজে সংবাদ মাধ্যমত যোগে মুকলি মত প্ৰকাশ  কৰিছে।

শিৱসাগৰৰ পৰা অপূৰ্ব্ব ভুঞা ফাৰ্ষ্ট নিউজ ৰিপৰ্ট

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা