বঙাইগাঁৱত দশম বিশ্ব ফাৰ্মাচিষ্ট দিৱস উদ্‌যাপন

বঙাইগাঁওঃ২৫ ছেপ্টেম্বৰঃ সমগ্ৰ বিশ্বৰ লগতে নামনি অসমৰ ব্যৱসায়িক তথা ব্যস্ততাপূৰ্ণ চহৰ বঙাইগাঁৱতো শুকুৰবাৰে "বিশ্ব ফাৰ্মাচিষ্ট দিৱস" উদযাপন কৰা হয়৷ সদৌ অসম ফাৰ্মাচিষ্ট সেৱা সন্থাৰ বঙাইগাঁও জিলা সমিতিৰ উদ্যোগত বঙাইগাঁও নাৰ্চেচ ট্ৰেইনিং চেন্টাৰত দশম বিশ্ব ফাৰ্মাচিষ্ট দিৱস উদ্‌যাপন কৰা হয়৷ কভিড-১৯ ৰ অতিমাৰী অব্যাহত থকাৰ সময়তে স্বাস্থ্য সেৱা বিধি অনুসৰণ কৰি উদ্‌যাপন কৰা বিশ্ব ফাৰ্মাচিষ্ট দিৱসত উপস্থিত থাকি বঙাইগাঁও জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ নীল মাধৱ দাসে স্বাস্থ্য সেৱা বিভাগত অতি গুৰুত্বপূৰ্ণ স্থান অলংকৃত কৰা ফাৰ্মাচিষ্ট সকলে অপৰিসীম সেৱা আগবঢ়াই অহাৰ কথা ব্যক্ত কৰে৷ তদুপৰি জিলাৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ দাসে সাম্প্ৰতিক কভিড-১৯ ৰ অতিমাৰীৰ সময়তো ফাৰ্মাচিষ্ট সকলে নিষ্ঠাৰে কাম কৰি অহাৰ কথা ব্যক্ত কৰে৷ বঙাইগাঁও জিলা আপছাৰ সভাপতি ফজলুৰ ৰহমানৰ পৌৰহিত্যত অনুষ্ঠিত সভাত বঙাইগাঁও জিলা ঔষধ ভড়ালৰ ডিডিএছএম সঞ্জয় বৈশ্য,অসম ফাৰ্মাচী কাউন্সিলৰ সদস্য তথা অৱসৰপ্ৰাপ্ত ফাৰ্মাচিষ্ট সুনীল মণ্ডল,অৱসৰপ্ৰাপ্ত ফাৰ্মাচিষ্ট কৈলাস বৰ্মন আদি ব্যক্তি উপস্থিত থাকি বক্তব্য প্ৰদান কৰে৷
বঙাইগাঁও জিলা আপছাৰ সম্পাদক মীৰ হাদিউল ইছলামে উদ্দেশ্য ব্যাখ্যা কৰা সভাত আপছাৰ কেন্দ্ৰীয় সমিতিৰ উপসভাপতি শ্বহিম উদ্দিনে ২০২০বৰ্ষৰ দশম বিশ্ব ফাৰ্মাচিষ্ট দিৱসৰ মূল বিষয়বস্তু "ৰূপান্তৰিত গ্ল’বেল স্বাস্থ্য"(Transforming Global Health ) ৰ ওপৰত বহলাই ব্যাখ্যা কৰে৷

প্ৰণৱ কুমাৰ ডেকা 
বঙাইগাঁও 

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা