ৰঙিয়া মডেল হস্পিতাল অচিৰেই কোভিট চিকিৎসালয়লৈ উন্নীত

প্ৰতিবেদক, ৰঙিয়া, ৮ ছেপ্টেম্বৰঃ সমগ্ৰ ৰাজ্যৰ লগতে কামৰূপ জিলাতো কোভিট আক্ৰান্তৰ সংখ্যা ভয়াবহ ভাৱে বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত ৰঙিয়া মডেল হস্পিতালখন অচিৰেই কোভিট চিকিৎসালয়লৈ উন্নীত কৰা হব।  যোৱা নিশা ৰাজ্যৰ স্বাস্থ্য বিভাগৰ এক উচ্চ পদস্থ বিষয়াৰ দলে ৰঙিয়া মডেল হস্পিতালখন পৰিদৰ্শন  কৰি পৰিস্থিতিৰ বুজ লোৱাত এই  সম্ভাৱনা প্ৰকট হৈ উঠিছে। আগন্তুক এমাহৰ ভিতৰতে ৰঙিয়াৰ মডেল হস্পিতালত আই চি ইউ সুবিধা যুক্ত কোভিট চিকিৎসালয়লৈ ৰূপান্তৰিত হোৱাৰ আশা ব্যক্ত কৰিছে ৰঙিয়া মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডাঃ ছফিকুল হক আৰু ৰঙিয়া অসামৰিক চিকিৎসালয়ৰ উপ -অধীক্ষক ডাঃ দিলীপ কুমাৰ বৈশ্যই।কামৰূপ জিলাৰ উপায়ুক্ত কৈলাশ কাৰ্তিক এনৰ নেতৃত্বত  ৰঙিয়া আদৰ্শ চিকিৎসালয় পৰিদৰ্শন কৰা বিষয়া সকল হ'ল ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ সঞ্চালক ডাঃ লক্ষ্মনন এছ, স্বাস্থ্য বিভাগৰ আয়ুক্ত সচিব ডঃ অনুৰাগ গোয়েল, কামৰূপ জিলাৰ যুটিয়া স্বাস্থ্য সঞ্চালক ডাঃ গুনীন্দ্ৰ নাথ দেৱশৰ্মা। এই আমোলাৰ সজাঁতি দলটোৱে কামৰূপ জিলাৰ শিঙিমাৰী আদৰ্শ চিকিৎসালয় খনো একেই উদ্দেশ্যে যোৱা নিশা পৰিদৰ্শন কৰে।আনহাতে আজি ৰঙিয়াৰ নৱ নিযুক্ত মহকুমাধিপতি স্বপ্নীল পালে আজি দিনৰ ভাগত ৰঙিয়াৰ মডেল হস্পিতালত উপস্থিত হৈ হস্পিতালখনৰ বুজ লোৱাৰ উপৰি চিকিৎসক সকলৰ লগত মত বিনিময় কৰে।উল্লেখ্য আগন্তুক দুই নাইবা তিনিমাহৰ ভিতৰত ৰাজ্যৰ বিভিন্ন শিক্ষানুষ্ঠানৰ লগতে উত্তৰ গুৱাহাটীৰ ভাৰতীয় প্ৰযুক্তি বিদ্যা প্ৰতিষ্ঠানো চমুকৈ আই আই টি ছাত্ৰ ছাত্ৰীৰ বাবে মুকলি কৰা সন্দৰ্ভত ৰাজ্য চৰকাৰে চিন্তা চৰ্চা কৰি থকাৰ পৰিপ্ৰেক্ষিতত আই আই টিৰ কোভিট কেয়াৰ চেন্টাৰ বন্ধ কৰি তাৰ পৰিৱৰ্তে ৰঙিয়া আৰু শিঙিমাৰী কোভিট চিকিৎসালয়ত কোভিট আক্ৰান্ত সকলক চিকিৎসাধীন কৰা হব বুলি ধাৰনা কৰা হৈছে।
প্ৰেৰক, পহৰেদ আলী আহমেদ, ৰঙিয়া ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা