প্ৰকৃতিপ্ৰেমীৰ প্ৰচেষ্টাত দুষ্প্ৰাপ্য প্ৰজাতিৰ কাছৰ সংৰক্ষণ থলীত পৰিণত বটদ্ৰৱাৰ আকাশী গংগা

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৯ ছেপ্টম্বৰঃ অসমীয়া কলা-কৃষ্টি-সাহিত্য-সংস্কৃতিৰ জনক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পবিত্র জন্মস্থান বটদ্ৰৱাৰ উত্তৰ দিশে যুগ যুগ ধৰি বিৰাজমান হৈ আছে বৃহৎ পৰিসৰৰ এক সৰোবৰ । এই প্ৰাচীন সৰোবৰটোৰ নাম হৈছে "আকাশী গংগা"। গুৰুজনাৰ স্মৃতি বিজড়িত এই সৰোবৰত বিগত কিছু বছৰ ধৰি অসমৰ বিভিন্ন প্ৰান্তৰ লোকে মেলি দি আহিছে দুষ্প্ৰাপ্য হৈ পৰা বিভিন্ন প্ৰজাতিৰ কাছ । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ শ শ লোকে সযতনে কাছ আনি সংৰক্ষণ কৰাত এতিয়া এই আকাশী গংগা কাছৰ সংৰক্ষণ থলীলৈ ৰূপান্তৰিত হৈছে । ইয়াৰে বিভিন্ন সময়ত অসুৰক্ষিত অৱস্থাত উদ্ধাৰকৃত আপুৰুগীয়া প্ৰজাতিৰ কাছক এই পবিত্ৰ আকাশী গংগাৰ জলৰাশিত মুক্ত বিচৰণৰ সুবিধা দি অহা লোকসকলৰ ভিতৰৰে অন্যতম হৈছে নগাঁৱৰ ৰাইদঙীয়াৰ শংকৰ জ্যোতি শৰ্মা নামৰ যুৱকজন ৷ বিগত সময়ছোৱাত এই প্ৰকৃতিপ্ৰেমী যুৱকজনৰ উদ্যোগত তথা সামাজিক সংস্থা প্ৰজন্ম আৰু সৃষ্টিৰ কৰ্মকৰ্তা সকলৰ সহযোগত বিভিন্ন ঠাইৰ পৰা বহু কাছ উদ্ধাৰ কৰি আনি এই আকাশী গংগাত মেলি দি অহা হৈছে ৷ তদ্ৰুপ মঙলবাৰেও শংকৰ জ্যোতি শৰ্মাৰ তৎপৰতাতে প্ৰজন্মৰ হৈ শিৱ প্ৰসাদ বৰা, জ্যোতিৰ্ময় হাজৰিকা আৰু সৃষ্টিৰ হৈ প্ৰদ্যুম্ন পল শইকীয়া, সৌৰভ জ্যোতি হিলৈদাৰী, ভাস্কৰ জ্যোতি শইকীয়া, পল্লব জ্যোতি শইকীয়া, প্ৰাঞ্জল বৰকটকী, মনোৰঞ্জন শইকীয়া আৰু দ্বীপজ্যোতি শইকীয়াই সযতনে আনি এটি দুষ্প্ৰাপ্য প্ৰজাতিৰ কাছ মেলি দিয়ে পবিত্ৰ আকাশী গংগাৰ জলৰাশিত । গুৰুজনাৰ স্মৃতি বিজড়িত পবিত্ৰ আকাশী গংগাত এইদৰে কাছ মেলি দি পৰম সন্তোষ লাভ কৰাৰ বিপৰীতে ইয়াক কাছ সংৰক্ষণৰ থলীলৈ ৰূপান্তৰিত কৰাৰ দৰে মহান পদক্ষেপক বিভিন্ন জনে শলাগ লৈছে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা