নগাঁৱত অচিনাক্ত যুৱতীৰ মৃতদেহ উদ্ধাৰকলৈ চাঞ্চল্য

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৮ ছেপ্টেম্বৰঃ নগাঁও জিলাৰ উত্তৰ-পশ্চিমাঞ্চলত আৰক্ষীৰ দুৰ্বলতাৰ অচিলা লৈ সঘনে বিভিন্ন অপৰাধজনীত কাৰ্যকলাপ সংঘটিত হৈ অহাৰ সময়তে জুৰীয়া আৰক্ষী থানাৰ এলেকাধীন চতিয়ন গাঁও আৰু দলনীছিগাৰ পথাৰৰ মাজত এটা অচিনাক্ত যুৱতীৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ জানিব পৰা মতে, দুপৰীয়া পথাৰত ঘাঁহ কাটিবলৈ যোৱা এজন ব্যক্তিয়ে পথাৰৰ জাৰণিৰ মাজত মৃতদেহটো প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজ আৰু গাঁওবুঢ়াক অৱগত কৰাৰ লগতে জুৰীয়া আৰক্ষীক খবৰ দিয়ে ৷ লগে লগে এই খবৰ সৰ্বত্ৰে বিয়পি পৰাত অঞ্চলটোত হুৱাদুৱা লাগে আৰু মৃতদেহটো প্ৰত্যক্ষ কৰাৰ বাবে অগণন লোকৰ সমাগম হয় ৷ পিছত ঘটনাৰ খবৰ পাই জুৰীয়া আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ চিনাক্ত নোহোৱা মৃতদেহটো এগৰাকী পছিশোৰ্ধ্বৰ যুৱতীৰ বুলি জানিব পৰা গৈছে ৷ কোনো দুষ্ট চক্ৰই পৰিকল্পিতভাবে হত্যা কৰি এনেদৰে পথাৰৰ মাজত মৃতদেহটো পেলাই থৈ যোৱাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষী আৰু স্থানীয় ৰাইজে ৷ 
====================

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা