মৃত্যুৰে হাৰ মানিলে যুৱ সাংবাদিক মানস জ্যোতি মহন্তই

শোকস্তব্ধ জাজৰি -বেবেজীয়া - বটদ্ৰৱা সাংবাদিক মহল#

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৬ ছেপ্তেম্বৰঃ যোৱা বিশ্বকৰ্মা পূজাৰ দিনা সন্ধ্যা নিজৰ বাসগৃহৰ সমীপতে এক দুৰ্ঘটনাত পতিত হৈ গুৱাহাটীৰ জি এন আৰ চিৰ আই ইউ চিত চিকিৎসাধীন হৈ থকা নগাঁও জিলাৰ বেবেজীয়াৰ দাঁতি কাষৰীয়া জাজৰিৰ হেমাৰবড়ি নিবাসী যুৱ সাংবাদিক মানস জ্যোতি মহন্তই অৱশেষত মৃত্যুৰ ওচৰত হাৰ মানে ৷ আজি দিনৰ ১.৪০ বজাত তেওঁ জি এন আৰ চিত  শেষ নিশ্বাস ত্যাগ কৰে ৷ মাত্ৰ কেইবছৰমান আগতে সংবাদজনত খোঁজ থোৱা ২৯ বছৰীয়া মানস জ্যোতি মহন্তই কেইমাহমানৰ আগতে এটা নিউজ চেনেলত কৰ্ম সম্পাদন কৰাৰ পাছত প্ৰতিদিন সংবাদ গোষ্ঠীৰ গুৱাহাটীৰ মুখ্য কাৰ্যালয়ত যোগদান কৰিছিল ৷ শেহতীয়াভাৱে তেওঁ মন্ত্ৰী কেশৱ মহন্তৰ বিভাগীয় মিডিয়া চেলৰ লগত জড়িত হৈ আছিল ৷ অতি অমায়িক আৰু শিল্পীসুলভ মনৰ অধিকাৰী মানস জ্যোতি  মহন্ত কমদিনৰ ভিতৰতে জাজৰি, বেবেজীয়া, বটদ্ৰৱা আদি অঞ্চলৰ সংবাদক্ষেত্ৰখনত জিলিকি উঠিছিল ৷ এগৰাকী ভাল ফটোগ্ৰাফাৰ আৰু কম্পিউটাৰ অপাৰেটৰ হিচাপেও  সুনাম অৰ্জন কৰি সকলোৰে মাজত সমাদৃত হৈছিল যুৱ সাংবাদিকগৰাকী ৷ হাতীচোং মৌজাৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত জড়িত উদিয়মান সাংবাদিক গৰাকী সামাজিক অনুষ্ঠান "সুহৃদ'' আৰু "বেবেজীয়া ইলেক্ট্ৰনিক মিডিয়া ফ্ৰন্ট"ৰ লগত জড়িত আছিল ৷ উদিয়মান সাংবাদিকগৰাকীৰ অকাল বিয়োগত বটদ্ৰৱা-বেবেজীয়া- জাজৰিৰ সাংবাদিক সকল শোকস্তব্ধ হৈ পৰিছে ৷ তেওঁৰ বিয়োগত বটদ্ৰৱাৰ বিধায়িকা আঙুৰলতা ডেকা, শিক্ষাবিদ মোহিনী মোহন ডেকা, সাংবাদিক সুৰক্ষা মঞ্চৰ সভাপতি বিপুল মেধী, একশৰণ ভাগৱতী সমাজৰ কেন্দ্ৰীয় প্ৰচাৰ সচীব ডেভিদ দাস, বেবেজীয়া প্ৰেছ ক্লাৱৰ সভাপতি সমীৰ হাজৰিকা, উপ সভাপতি কল্যাণ বৰা, জাজৰি প্ৰেছ ক্লাৱৰ সভাপতি জয়ন্ত মুদৈ, বটদ্ৰৱাৰ সাংবাদিক দিব্যজ্যোতি বৰুৱাৰ আদিৰ লগতে বহু অনুষ্ঠান-প্ৰতিষ্ঠান আৰু ব্যক্তি বিশেষে শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জনাইছে ৷ প্ৰায় দুবছৰৰ পূৰ্বে মাতৃক হেৰুওৱা মানস জ্যোতি মহন্তই মৃত্যুৰ সময়ত পিতৃ আৰু এগৰাকী বায়েকক ইহসংসাৰত এৰি থৈ গৈছে ৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা