নলবাৰী জাতীয় বিদ্যালয়ত শিক্ষক দিৱস পালন

নলবাৰী জাতীয় বিদ্যালয়ত শিক্ষক দিৱস পালন*

*ৰূপক বৈশ্য, ফাৰ্ষ্ট নিউজ ৰিপোৰ্ট, নলবাৰী, ৫ ছেপ্তেম্বৰ*

ভাৰতবৰ্ষ তথা অসমৰ বিভিন্ন শিক্ষানুষ্ঠান তথা ভিন্ ভিন্ স্থানৰ লগতে নলবাৰী জিলাৰ পশ্চিম প্ৰান্তৰ ফুলগুৰিস্থিত নলবাৰী জাতীয় বিদ্যালয়তো আজি বিদ্যালয় পৰিচালনা সমিতিৰ সদস্য, শিক্ষক-শিক্ষয়িত্ৰী তথা কৰ্মচাৰীৰ উপস্থিতিত ৫৯সংখ্যক শিক্ষক দিৱস পালন কৰা হয় ৷ আজি পুৱা ১০.৩০ বজাত পণ্ডিতপ্ৰৱৰ ড৹ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ প্ৰতিচ্ছবিত মাল্যাৰ্পন কৰে বিদ্যালয়খনৰ ৰেক্টৰ ভৃগুপতি বৰ্মনে ৷ গছপুলি ৰোপন কৰে ফখৰুদ্দিন আলী আহমেদ হাইমাদ্ৰাছাৰ প্ৰাক্তন অধীক্ষক ইউনুছুৰ ৰহমান আৰু বৃক্ষবন্ধু মকছেদ আলীয়ে ৷ তাৰপাছত বিদ্যালয়খনৰ অধ্যক্ষ দিবাকৰ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা শিক্ষক দিৱসৰ সভাখনত উদ্দেশ্য ব্যাখ্যা কৰে সহকাৰী শিক্ষক আলতাফ হুছেইনে ৷ কৃতী অৱসৰী অধীক্ষক ৰহমানক এখনি ফুলাম গামোচা, এটি ফুলাম জাপি আৰু কলম-কিতাপৰ টোপোলা এটিৰে সম্বৰ্ধনা জনোৱা হয় ৷ শিক্ষক দিৱসৰ ওপৰত আলোকপাত কৰি ৰহমানে শিক্ষকসমাজক উদ্দেশ্যি এক গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায় ৷ সভাত বিদ্যালয় পৰিচালনা সমিতিৰ শৈক্ষিক সচিব নবজ্যোতি তালুকদাৰ উপস্থিত থাকে ৷

*প্ৰেৰকঃ ৰূপক বৈশ্য, নলবাৰী*

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা