সদৌ অসম অনলাইন টাইকোৱানডোত কামৰূপ জিলাৰ সাফল্য

সদৌ অসম অনলাইন টাইকোৱানডোত কামৰূপ জিলাৰ সাফল্য।

পঙ্কজ নাথ, চাংসাৰি, ২৩ ছেপ্টেম্বৰ :

যোৱা ১৯ আৰু ২০ চেপ্টেম্বৰ ২০২০ তাৰিখে , চেন্ট্ৰ্ল জ'ন টাইকোৱানডো উনিয়নে আয়োজন কৰা  প্ৰথম  সদৌ অসম অন লাইন  টাইকোৱানডো পুমচে প্ৰতিযোগিতাত কামৰূপ জিলাৰ  প্ৰিতম কিশোৰ বৰাই  সোনৰ পদক( ছিনিয়ৰ শাখা) আৰু মানস জ্যোতি বৰুৱাই সোনৰ পদক ( কেডেত শাখা)  লাভ কৰে। ইয়াৰ উপৰিও  প্ৰয়াস প্ৰতিম বৰুৱা( জুনিয়ৰ শাখা) , মৈত্ৰি শৰ্মা( কেডেত শাখা) আৰু ডেজদিমনা পাথক( চাব জুনিয়ৰ শাখা) ত ব্ৰঞ্জৰ   পদক লাভ কৰি কামৰূপ জিলালৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। 
সুনাম কঢ়িয়াই অনা খেলুৱৈ সকললৈ কমৰূপ জিলা টাইকোৱানডো সন্থা তথা কামৰূপ জিলা ক্ৰীড়া সন্থাৰ সাধাৰন সম্পাদক প্ৰাঞ্জল বুঢ়া গোহাঁইয়ে অভিনন্দন জ্ঞাপন কৰে। খেলুৱৈ সকলৰ আটাইকেইগৰাকীয়ে নৰ্থ গুৱাহাটী টাইকোৱানডো একাডেমিৰ  খেলুৱৈ হোৱা হেতুকে এই সফলতাৰ বাবে উত্তৰ গুৱাহাটীৰ ৰাইজ অধিক আনন্দিত হৈ পৰিছে আৰু সুখ্যাতি অৰ্জন কৰা খেলুৱৈ সকলৰ ভবিষ্যত উজ্জ্বল কামনা কৰিছে ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা