কৃষক বিৰোধী আইন বাতিলৰ দাবীত বোকাখাতত প্ৰতিবাদ, ৰাজপথ অৱৰোধ

পলিমা চেতিয়া বসুমতাৰী, কাজিৰঙা, ২৫ চেপ্তেম্বৰঃ কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ গ্ৰহণ কৰা কৃষক বিৰোধী আইনৰ বাবে সমগ্ৰ দেশজুৰি চলা গণ আন্দোলনৰ কাৰ্যসূচী আজি বোকাখাততো ৰূপায়িত হয়৷ বিজেপি চৰকাৰে গ্ৰহণ কৰা তিনিখন জনবিৰোধী, কৃষক বিৰোধী বিধেয়কৰ বিৰুদ্ধে নিখিল ভাৰত কৃষক সভাৰ দ্বাৰা আহ্বান কৰা ভাৰত বন্ধৰ প্ৰতি পূৰ্ণ সমৰ্থন জনাই কৃষক সংঘৰ্ষ সমন্বয়ক সমিতিৰ উদ্যোগত আজি বোকাখাতৰ জীপাল কৃষক শ্ৰমিক সংঘ, ভাৰতীয় গণনাট্য সংঘ, আদিবাসী কৃষক সমাজে বোকাখাতত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে৷ বোকাখাত নগৰৰ মাজ মজিয়াত ৰূপায়ণ কৰা এই কাৰ্যসূচীত কেন্দ্ৰৰ বিজেপি চৰকাৰৰ কৃষক বিৰোধী নীতিৰ বিৰুদ্ধে বিভিন্ন শ্লগানেৰে পৰিবেশ উত্তাল কৰি উত্তাল কৰি তোলে প্ৰতিবাদকাৰী সকলে৷ জীপাল কৃষক শ্ৰমিক সংঘৰ সোনেশ্বৰ নৰহ, প্ৰণৱ দলে আৰু নিখিল ভাৰত কৃষক সভাৰ ৰাজ্যিক যুটীয়া সম্পাদক বলো বৰাৰ নেতৃত্বত বোকাখাতৰ ৰাজপথত প্ৰতিবাদকাৰী সকলে সমদল কৰি কেন্দ্ৰৰ কৃষক বিৰোধী নীতিৰ প্ৰতিবাদ জনায়৷ পৰৱৰ্তী সময়ত প্ৰতিবাদকাৰী সকলে ৩৭ নং ৰাষ্ট্ৰীয় পথ অৱৰোধ কৰাত প্ৰায় দুঘণ্টা ধৰি বোকাখাতত উজনি নামনিৰ পথ যোগাযোগ ব্যাহত হৈ পৰে৷ ইপিনে, প্ৰতিবাদথলীত বোকাখাতৰ দণ্ডাধীশ উপস্থিতিত হোৱাত প্ৰতিবাদকাৰী সকলে দণ্ডাধীশৰ হাতত ক'ৰ্পৰেট গোষ্ঠীৰ স্বাৰ্থত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা কৃষক বিৰোধী নীতি বাতিলৰ দাবীত স্মাৰক পত্ৰ প্ৰদান কৰি প্ৰতিবাদ সামৰে৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা