সমাজৰ দুৰ্বল শ্ৰেণীৰ শিশুৰ বাবে অক্ষয় পাত্ৰ ফাউণ্ডেচনৰহেপ্পীনেছ কিটছ বিতৰণ



 

ষ্টাফৰিপৰ্টাৰ, ১৮ ছেপ্টেম্বৰ : অক্ষয়পাত্ৰ ফাউণ্ডেচনে শিশুৰ পেটৰ ক্ষুধা নিবাৰণৰ বাবে হেপ্পীনেছ কিটছ মুকলি কৰিছে। ইয়াৰ জৰিয়তে সমাজৰ দুৰ্বল শ্ৰেণীৰ শিশু আৰু তেওঁলোকৰ পৰিয়ালক সহায় আগবঢ়োৱা হ'ব। গুৱাহাটীত ৩৮,৬৬৬ গৰাকী আৰু বাংগালুৰুত ১,২০০ গৰাকী স্কুলীয়া শিশুক লক্ষ্য কৰি হেপ্পীনেছ কিট পাইলট প্ৰকল্প আৰম্ভ কৰা হৈছে। এই   সন্দৰ্ভত অক্ষয় পাত্ৰ ফাউণ্ডেচনৰ মুখ্য কাৰ্যবাহী বিষয়া শ্ৰীধৰ ভেংকটে এক বিবৃত্তি যোগে কয় ' চলিত বছৰৰ ছেপ্টেম্বৰ মাহৰ পৰা আমি ৰাষ্ট্ৰীয় পুষ্টি মাহ পালন কৰিছোঁ আৰু আমি হেপ্পীনেছ কিটছ মুকলি কৰিছোঁ। ইয়াৰ জৰিয়তে আমি ক'ভিড-১৯ ৰ বাবে স্কুললৈ যাব নোৱাৰা শিশুৰ অভাৱ দূৰ কৰাৰ প্ৰয়াস চলাইছোঁ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা