গঁড়ৰ খৰ্গৰ চোৰাং বেহা, কাজিৰঙাৰ দুই বনকৰ্মীসহ ৯জনক আটক

পলিমা চেতিয়া বসুমতাৰী কাজিৰঙা, ২৫ চেপ্তেম্বৰঃ দুৰ্নীতি, লুণ্ঠনৰাজৰ ক্ষেত্ৰত শূণ্য সহনশীল বুলি দম্ভালি মাৰি থকা চৰকাৰখনৰ প্ৰায় প্ৰতিটো ক্ষেত্ৰতে শূণ্য সহনশীলতা প্ৰকাশ পোৱা পৰিলক্ষিত হোৱা নাই৷ কাৰণ, আৰক্ষীৰ উপ পৰিদৰ্শক নিযুক্তিৰ পৰীক্ষাত স্বয়ং শাসকীয় আৰু চৰকাৰী পক্ষ জড়িত থকা সন্দৰ্ভত সমগ্ৰ ৰাজ্যত তোলপাৰ লাগি থকাৰ সময়তে কাজিৰঙাত গঁড়ৰ খৰ্গৰ চোৰাং বেপাৰত নামি ধৰা পৰিছে কাজিৰঙা বনবিভাগৰ দুগৰাকীকৈ বনকৰ্মী৷ সৌ সিদিনা যোৱা ২২ চেপ্তেম্বৰত বিভিন্ন ঢাক-ঢোল বজাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই বিশ্ব গঁড় দিৱস উদযাপন কৰি গঁড় হত্যা বন্ধ কৰাৰ আহ্বান জনোৱাৰ দুদিন পাৰ নৌহৌওতেই আজি পুৱা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত কৰ্মৰত হাবিবুৰ আলি আৰু অশোক ভূঞা নামৰ দুজন বনকৰ্মীক গঁড়ৰ খৰ্গ বিক্ৰী চক্ৰৰ স’তে জড়িত হৈ থকাৰ সন্দেহত খোদ কাজিৰঙা বনবিভাগেই আটক কৰে৷ আনহাতে, আন দুটা পৃথক গোচৰত কাজিৰঙা, বোকাখাত আৰু কাৰ্বি আংলঙৰ বিভিন্ন স্থানৰ পৰা আন সাত চোৰাংচিকাৰীকে ধৰি সৰ্বমুঠ ৯ গৰাকীক গঁড়ৰ খৰ্গৰ চোৰাং বেপাৰত নমাৰ অভিযোগত আৰক্ষী আৰু বনবিভাগে আটক কৰে৷ ইতিমধ্যে দুই বনকৰ্মীৰ বাদে আন সাতোজনেই গঁড়ৰ খৰ্গৰ চোৰাং বেপাৰত জড়িত থকাৰ কথা স্বীকাৰ কৰিছে৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ডি এফ অ’ ৰমেশ কুমাৰ গগৈয়ে জনোৱা অনুসৰি, গঁড়ৰ খৰ্গ বিক্ৰীৰ ২০১৬ বৰ্ষৰ এক গোচৰৰ ভিত্তিত বোকাখাত আৰক্ষীয়ে যোৱা নিশা তিনিজনক আটক কৰে৷ কাৰ্বি আংলং জিলাৰ ডলামৰাৰ ৰাজেন টেৰাং, ৰাজেন ৰংফাৰ আৰু বোকাখাতৰ আমটেঙা অঞ্চলৰ মৃদুল পেগু নামৰ তিনিওজনক আৰক্ষীয়ে আটক কৰি কাজিৰঙা বনবিভাগক গতাই দিয়ে৷ ইপিনে, শেহতীয়াকৈ এটা গঁড়ৰ খৰ্গ বিক্ৰী কৰাৰ চেষ্টা চলাই থকা কাজিৰঙা আৰু কাৰ্বি আংলং এলেকাৰ চাৰিজন লোকক বনবিভাগে আটক কৰে৷ কাৰ্বি আংলং জিলাৰ
ৰামেশ্বৰ ছিগনাৰ, হৰিৰাম ইংতি আৰু বিমান তাৰু আৰু কহঁৰাৰ ২নং শিলডুবি গাঁৱৰ ধনপুৰ কাৰ্ডং নামৰ চাৰিজনক আটক কৰে বনবিভাগে৷ ইফালে, এই চাৰিজনক আটক কৰাৰ পাছত গঁড়ৰ খৰ্গ বিক্ৰী চক্ৰৰ স’তে জড়িত হৈ থকাৰ সন্দেহত কাজিৰঙা বনবিভাগত কৰ্মৰত উক্ত হাবিবুৰ আলি আৰু অশোক ভূঞা নামৰ দুই বনকৰ্মক আটক কৰে বনবিভাগে৷ কিন্তু, প্ৰাথমিক তদন্তত আটকাধীন এই দুই বনকৰ্মী গঁঁড়ৰ খৰ্গৰ চোৰাং বেহাত জড়িত নহয় বুলি স্পষ্ট কৰিছে ডি এফ অ’ গগৈয়ে৷ অৱশ্যে গঁড়ৰ খৰ্গৰ বেহা সম্বন্ধীয় আন ঘটনাত জড়িত থকাৰ সন্দেহ কৰি দুয়োকে জেৰা অব্যাহত ৰাখিছে বুলি জনাইছে ডি এফ অ’গৰাকীয়ে৷ ইপিনে, বিক্ৰী হোৱা খৰ্গটো বৰ্তমানেও উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই যদিও বনবিভাগে অভিযান চলাই আছে বুলি সংবাদ মাধ্যমক জানিবলৈ দিছে৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা