নগাঁৱত ভুৱা টকা বনোৱা মেচিনসহ ছয় প্ৰৱঞ্চক আটক

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ৯ ছেপ্টেম্বৰঃ নগাঁও জিলাৰ কামপুৰ আৰক্ষী থানাৰ এলেকাধীন কাকতি গাঁৱৰ পদুমনিত ভুৱা টকা বনোৱা মেচিনসহ ছয়জনীয়া এটা প্ৰৱঞ্চকৰ দল আটক হোৱা ঘটনাই অঞ্চলজুৰি ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ ধৃত প্ৰৱঞ্চককেইটাৰ ভিতৰত দুটা বহিঃৰাজ্যৰ ৷ প্ৰাপ্ত খবৰ মতে, কামপুৰ আৰক্ষীয়ে বুধবাৰে এক গোপন সূত্ৰৰ পম খেদি পদুমনিত টকা বনোৱা মেচিন বুলি প্ৰৱঞ্চনাৰে বিক্ৰী কৰিবলৈ অহা ছয়টা প্ৰবঞ্চকক হাতে-লুটে কৰায়ত্ত কৰে ৷ ধৃত প্ৰৱঞ্চক কেইটা লখিমপুৰ জিলাৰ ইছলামপুৰৰ জেহেৰুন ইছলাম, আহমেদপুৰৰ ইদজৎ  আলি, ২ নং ইছলামপুৰৰ ওৱাহিদুল ইছলাম, আতিকুল ইছলাম, ডিমাপুৰৰ পাওচিপাম আৰু পাউংগি বুলি জানিব পৰা গৈছে ৷ ধৃত প্ৰৱঞ্চককেইটাৰ পৰা এটা কাঠৰ বাকচৰ লগতে কেইবাখনো পাঁচশ টকীয়া নোট আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ আচলতে ধৃত প্ৰৱঞ্চক কেইটাই এই কাঠৰ বাকচটোকে দেখাত মেচিনৰ দৰে বনাই লৈ তাকে টকা বনোৱা মেচিন বুলি উক্ত অঞ্চলত বিক্ৰী কৰিবৰ বাবে আহোতেই এনেদৰে আৰক্ষীৰ হাতত আটক হ’বলগীয়া হয় ৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা