বিটিচিৰ নাম সলনি কৰি বিটিআৰ নামাকৰণেৰে বিটিআৰ চুক্তি কাৰ্যকৰী কৰিবলৈ লোৱা পদক্ষেপত আদৰণি কোচ ৰাজবংশী জাতীয় মহাসভাৰ

বৰ্তমানৰ ৪০টাৰ পৰিৱৰ্তে ৬০টালৈ পৰিষদীয় সমষ্টি বৃদ্ধি কৰি ২০টা সমষ্টি ভূমিপুত্ৰ কোচ ৰাজবংশী তথা আন আন অজনজাতিৰ বাবে সংৰক্ষণ কৰক-- বিশ্বজিৎ ৰায়


বঙাইগাঁওঃ ২৫ ছেপ্টেম্বৰঃ বিটিচিৰ নাম সলনি কৰি বিটিআৰ নামাকৰণেৰে বিটিআৰ চুক্তি কাৰ্যকৰী কৰিবলৈ লোৱা পদক্ষেপৰ বাবে অসমৰ ৰাজ্যপাল, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাক শলাগিছে আৰু তেওঁলোকলৈ অশেষ ধন্যবাদ জনাইছে কোচ ৰাজবংশী জাতীয় মহাসভাৰ সাধাৰণ সম্পাদক বিশ্বজিৎ ৰায়ে ৷ আজি এক প্ৰেছ বিবৃতিত আক্ৰাছুৰ প্ৰাক্তন সভাপতি তথা কোচ ৰাজবংশী জাতীয় মহাসভাৰ সাধাৰণ সম্পাদক বিশ্বজিৎ ৰায়ে আশা ব্যক্ত কৰি কয় য়ে পি পি বাৰ্মাৰ নেতৃত্বত গঠিত আয়োগে অতি ক্ষীপ্ৰতাৰে আৰু পুংখানুপুংখুভাবে চালিজাৰি চাই বিটিআৰ চুক্তি মৰ্মে বিটিআৰৰ সীমামুৰীয়া গৰিষ্ঠ সংখ্যক ( ৫০ শতাংশৰ অধিক) অজনজাতি বসতিপ্ৰধান গাওঁসমূহ কৰ্তন কৰি দীৰ্ঘদিনৰ পৰা অজনজাতিসকলে কৰি অহা ন্যাৰ্য দাবীক ন্যায় প্ৰদান কৰিব ৷ বিবৃতিটোত লগতে বিশ্বজিৎ ৰায়ে বিটিআৰ চুক্তি মৰ্মে বৰ্তমানৰ পৰিষদীয় সমষ্টি ৪০টাৰ পৰা ৬০টালৈ বৰ্দ্ধিত কৰি কমেও ২০টা সমষ্টি ভূমিপুত্ৰ কোচ ৰাজবংশী আৰু আন আন অজনজাতিৰ বাবে সংৰক্ষণ কৰিবলৈকো চৰকাৰক দাবী জনায় ৷ জাতীয় মহাসভাৰ সাধাৰণ সম্পাদকগৰাকীয়ে আৰু কয় যে নিৰ্বাচনী বিধি বলবৎ থকা বাবে চৰকাৰৰ উন্নয়নমূলক কাম কাজৰ পৰা বিটিআৰ বাসী বঞ্চিত হৈ আছে ৷ গতিকে বিটিচি নিৰ্বাচন স্থগিত ৰাখি বিটিআৰ চুক্তি মতে ৬০ টালৈ সমষ্টি পুনৰ নিৰ্দ্ধাৰণ কৰি বিটিআৰ নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ ৰাজ্যপাল, নিৰ্বাচন আয়োগ আৰু অসম চৰকাৰক দাবী কৰাৰ লগতে বিটিআৰ অঞ্চলত চলি থকা নিৰ্বাচনী আচৰণ বিধি উঠাই দিব লাগে বুলিও কয় ৷ সেইদৰে বিটিআৰত যাতে ভূমিপুত্ৰ কোচ ৰাজবংশীসকলে ৰাজনৈতিক, সামাজিক, শৈক্ষিক, অৰ্থনৈতিক, নিয়োগ (চাকৰি) আৰু ভূমিৰ অধিকাৰ লাভ কৰিব পাৰে তাৰ বাবে আইন প্ৰণয়ন কৰাৰ লগতে ভূমিপুত্ৰ কোচ ৰাজবংশীসকলোক অতিশীঘ্ৰে জনজাতিৰ মৰ্যাদা প্ৰদান কৰিবলৈকো দাবী জনায় ৷ বিশ্বজিৎ ৰায়ে যোৱা তিনি ছেপ্টেম্বৰত অসম বিধান সভাত গৃহীত হোৱা কমতাপুৰ স্বায়ত্ত্বশাসিত পৰিষদ (কেএচি) খনৰ ভৌগোলিক চাৰিসীমা আৰু সমষ্টিসমূহ নিৰ্দ্ধাৰণ নোহোৱালৈকে কোচ ৰাজবংশীৰ জাতীয় সংগ্ৰামৰ লগত ওতঃপ্ৰোতভাবে জৰিত উপযুক্ত ব্যক্তিক প্ৰধান্য দি অন্তৰ্ৱৰ্তীকালীন পৰিষদ গঠন কৰিবলৈকো অসম চৰকাৰক আহ্বান জনাইছে ৷ 

প্ৰণৱ কুমাৰ ডেকা 
বঙাইগাঁও

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা