ৰঙিয়া পৌৰসভাত প্ৰকাশ হ'ল খচৰা ভোটাৰ তালিকা

ৰঙিয়া পৌৰসভাত প্ৰকাশ হ'ল খচৰা ভোটাৰ তালিকা
দাবী, আপত্তি দাখিলৰ অন্তিম তাৰিখ ৩ অক্টোবৰ
ৰঙিয়াৰ মহকুমাধিপতি স্বপ্নীল পালে জাৰি কৰিলে জাননী
প্ৰতিবেদক, ৰঙিয়া, ২২ চেপ্তেম্বৰ : আগন্তুক পৌৰ নিৰ্বাচন-২০২০ৰ লগত সংগতি ৰাখি ৰাজ্যিক নিৰ্বাচন আয়োগে অসম পৌৰ আইন ১৯৫৬ৰ অধীনৰ ১৪ নং বিধি মতে আজি ৰঙিয়াত প্ৰকাশ কৰে প্ৰাৰম্ভিক খচৰা ভোটাৰ তালিকা। আজি প্ৰকাশ পোৱা এই খচৰা ভোটাৰ তালিকাৰ তথ্য অনুযায়ী ৰঙিয়া পৌৰ সভা এলেকাত মুঠ ভোটাৰৰ সংখ্যা ২০,৮৩৯ গৰাকী। ইয়াৰে ১০,৫৬৪ জন পুৰুষ আৰু ১০,২৭৫ গৰাকী মহিলা ভোটাৰ। ৰাজ্যিক নিৰ্বাচন আয়োগে প্ৰকাশ কৰা মতে, ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তিৰ দাবী, আপত্তি দাখিলৰ অন্তিম তাৰিখ ৩ অক্টোবৰ'২০২০ । দাবী, আপত্তি দাখিল তালিকা প্ৰকাশৰ তাৰিখ ৫ অক্টোবৰ' ২০২০ । দাবী, আপত্তি নিষ্পত্তিকৰণৰ অন্তিম তাৰিখ ১৪ অক্টোবৰ '২০২০ আৰু চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশৰ তাৰিখ ২০ অক্টোবৰ' ২০২০ মঙ্গলবাৰে।ৰঙিয়া মহকুমাৰ মহকুমাধিপতি (অসামৰিক) স্বপ্নীল পাল,(আই.এ.এচ.)য়ে এই সন্দৰ্ভত এক জাননী জাৰি কৰি ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তিৰ দাবী, আপত্তি আৰু শুধৰণিৰ আবেদনৰ নিৰ্দিষ্ট প্ৰ-পত্ৰ ৰঙিয়া পৌৰসভাৰ কাৰ্য্যালয়ৰ পৰা সংগ্ৰহ কৰিবলৈ ৰঙিয়া পৌৰ সভাৰ অন্তৰ্গত ১০ টা ৱাৰ্ডৰ সমূহ জনসাধাৰণক ইতিমধ্যে অনুৰোধ জনাইছে। জাননী খনত প্ৰকাশ কৰা মতে, কাৰ্য্যালয় চলি থকা সময়ত ৰঙিয়াৰ পৌৰ নিৰ্বাচনৰ দণ্ডাধীশ চম্পক ডেকা (এ.চি.এছ)ৰ ওচৰত আবেদন দাখিল কৰিব লাগিব আৰু উক্ত দাবী, আপত্তি নিষ্পত্তি কৰিব ৰঙিয়াৰ পৌৰ নিগমৰ নিৰ্বাচনৰ দণ্ডাধীশ চম্পক ডেকাই। তালিকাত নাম অন্তৰ্ভুক্তিৰ দাবী, আপত্তি আৰু শুধৰণিৰ আবেদনৰ বাবে প্ৰ-পত্ৰ ২ আৰু ৩ৰ সৈতে ২ কপি পাছপৰ্ট আকাৰৰ ফটো, সম্পৰ্কিত ব্যক্তিৰ নাম সন্নিৱিষ্ট ভোটাৰ তালিকা, বয়স প্ৰমাণৰ বাবে- জন্মৰ প্ৰমাণ পত্ৰ, উচ্চ মাধ্যমিক পৰীক্ষাৰ এডমিট কাৰ্ড, ভাৰতীয় পাছপৰ্ট, পান কাৰ্ড, ড্ৰাইভিং লাইচেঞ্চ, আধাৰ কাৰ্ডৰ যিকোনো এবিধ নথি নহ'লে ২১ বছৰৰ ওপৰৰ বুলি ঘোষণা পত্ৰ, বাসস্থানৰ প্ৰমাণৰ বাবে - ভাৰতীয় পাছপৰ্ট, ড্ৰাইভিং লাইচেঞ্চ, বেংক বা ডাকঘৰৰ পাছবুক, ৰেছন কাৰ্ড, আয়কৰ বিভাগৰ  নিৰ্দেশপত্ৰ, ভাড়া চুক্তিনামা, পানীৰ বিল, টেলিফোন বিল, বিজুলি বিল, গেছ সংযোগৰ বিলৰ যিকোনো এবিধ নথি দাখিল কৰিব লাগিব। ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তিৰ বাবে ২০২০ চনৰ পহিলা জানুৱাৰীত বয়স ১৮ বছৰ সম্পূৰ্ণ হ'ব লাগিব। 
প্ৰেৰক, পহৰেদ আলী আহমেদ, ৰঙিয়া ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা