১০০০তকৈ অধিক অফাৰৰ সৈতে এইচডিএফচি বেংকে মুকলি কৰিলে ফেষ্টিভ ট্ৰীটছ্ ২.০




ষ্টাফ ৰিপ'ৰ্টাৰ,,,৩০ ছেপ্টেম্বৰ
প্ৰথম সংস্কৰণৰ অভূতপূৰ্ব  সফলতাৰ পিছত এইচডিএফচি বেংকে বুধবাৰে মুকলি কৰিলে বিত্তীয় বাৰ্ষিকী সেৱা অফাৰ ফেষ্টিভ ট্ৰীটছ্ ২.০। ইয়াত সংযোজিত হৈ আছে গ্ৰাহকৰ বাবে ১০০০তকৈ অধিক অফাৰ।  গ্ৰাহকৰ বাবে আগবঢ়োৱা এই ধামাকা অফাৰত বেংকে ঋণকে ধৰি বেংকিং সুবিধাৰ ১০০০তকৈ অধিক অফাৰৰ সৈতে মজলীয়া চহৰ আৰু গ্ৰামীণ অঞ্চলক সামৰি ল'বলৈ ২০০০তকৈ অধিক হাইপৰলোকেল অফাৰৰ ঘোষণা কৰিছে। অগ্ৰণী ব্যৱসায়ীৰ সৈতে স্থানীয় ব্যৱসায়ীক জড়িত কৰি এই হাইপৰলোকেল অফাৰৰ ঘোষণা কৰা হৈছে। চলিত শীতকালিন ট্ৰীটছ ফেষ্টিভেলৰ সময়ছোৱাত বেংকক মোবাইলৰ সৈতে, উপভোক্তা যুগমীয়া আৰু ইলেকট্ৰনিকছ শ্ৰেণীৰ লগতে সাজ-পোছাক, গহনা আদি সঠিক কৰাৰ উৎসৱৰ সময় গ্ৰাহকৰ বাবে। এই অফাৰ খুচুৰাৰ লগতে বিত্তীয় সমাধান সম্পূৰ্ণ কৰাৰ বাবে উপলব্ধ হ'ব। গ্ৰাহকে বেংক ঋণৰ প্ৰচেছিং ফিচ ৰেহাইৰ সুবিধা লাভৰ লগতে ইএমই,কেছবেক, উপহাৰ কুপন আৰু অন্যান্য সুবিধা অথবা অফাৰ লাভ কৰিব। এইচডিএফচি বেংকে ক্ষুদ্ৰ ব্ৰেণ্ডৰ সৈতে লগলাগি ক্ষুদ্ৰ বিপনী আৰু অনলাইন বিপনীৰ পৰা সামগ্রী ক্ৰয়ত ৰেহাই অফাৰ, কেছবেক আৰু অতিৰিক্ত পুৰস্কাৰৰ ঘোষণা কৰিছে। অনলাইন ব্যৱসায়ৰ বৃহৎ কোম্পানী যেনে- এমাজন, টাটাক্লিপ, মিন্ত্ৰা, পেপ্পৰফ্ৰয়, ছুইগী আৰু গ্ৰফৰ্চত এই সময়ছোৱাত বিশেষ অফাৰ লাভ কৰিব। ইয়াৰ লগতে খুচুৰা আৰু উপভোক্তা ব্ৰেণ্ড যেনে-লাইফষ্টাইল, বাটা, আদিতো থাকিব অফাৰ। সমান্তৰালকৈ বিজয় চেলছ, কোহিনুৰ জিআৰটি, অ'আৰআৰএ'ৰ দৰে কিছু বৃহৎ ব্যৱসায় প্ৰতিষ্ঠানৰ নাম আছে, যিয়ে বিভিন্ন উৎপাদনত সেৱা ৰূপে ৫ শতাংশৰ পৰা ১৫ শতাংশকৈ কেছবেক আগবঢ়াব। মজলীয়া চহৰ আৰু গ্ৰামীণ অঞ্চলৰ ৫৩ শতাংশ শাখাৰ সৈতে বেংকে দেশৰ পিছপৰা কোণলৈ এই অফাৰ আগবঢ়োৱাৰ পৰিকল্পনা কৰি আছে। এই ৰাষ্ট্ৰীয় অভিযান ডিজিটেল মাধ্যমত মুকলি কৰে এইচডিএফচি বেংকৰ ৰাষ্ট্ৰীয় প্ৰমুথ-পেমেণ্ট বিজনিছ মৰচেণ্ট একুইৰিং ছাৰ্ভিছ আৰু মাৰ্কেটিং পৰাগ ৰাওৱে। এই সন্দৰ্ভত তেওঁ কয়"-বিগত ২-৩ মাহত আমি গ্ৰাহকৰ ৰুচি আৰু পেটাৰ্ণ ক্ৰয় কৰা প্ৰক্রিয়া নতুনকৈ দেখা পোৱা গৈছে। আমাৰ বিশ্বাস আছে যে,আমি গ্ৰাহকৰ প্ৰতিটো সপোন পূৰণ কৰিম"। উল্লেখযোগ্য যে, আজিৰ মুকলি অনুষ্ঠানত অনুষ্ঠান এইচডিএফচি বেংকৰ পৰিচালন সঞ্চালক আদিত্য পুৰিউপস্থিত থাকে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা