নগাঁৱত বন বিভাগৰ অভিযানত জব্দ চোৰাং মূল্যবান কাঠ ভৰ্তি বাহন

 নগাঁৱত বন বিভাগৰ অভিযানত জব্দ চোৰাং মূল্যবান কাঠ ভৰ্তি বাহন #

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১৩ ছেপ্তেম্বৰঃ নগাঁও বন সংমণ্ডল বিষয়া ৰাজেন চৌধুৰীৰ এক নিৰ্দেশ মৰ্মে বন সুৰক্ষা শাখাৰ বনাঞ্চলিক বিষয়া চেমিম আখতাৰৰ নেতৃত্বত যোৱা এটি অভিযানকাৰী দলে দেওঁবাৰে জিলাখনৰ শালনা বনাঞ্চলিক এলেকাধীন কছাৰীগাঁৱত অতৰ্কিতে অভিযান চলাই চোৰাং মূল্যবান কাঠ ভৰ্তি এখন বাহন জব্দ কৰিবলৈ সক্ষম হয় ৷ জানিব পৰা মতে, দীৰ্ঘদিন ধৰি নগাঁও আৰু কাৰ্বি আংলং জিলাৰ সীমান্তবৰ্তী বনাঞ্চলসমূহৰ পৰা বিভিন্ন প্ৰকাৰৰ মূল্যবান কাঠ নিশাৰ ভাগত প্ৰায়েই চাপানলা, শালনা, মিছা আদি অঞ্চলৰ মাজেৰে চোৰাং কাঠ ব্যৱসায়ীয়ে সৰবৰাহ কৰি অহাৰ খবৰ নগাঁও বন সংমণ্ডল বিষয়া ৰাজেন চৌধুৰীয়ে বিভিন্ন মাধ্যমৰ পৰা লাভ কৰি আহিছিল ৷ সেয়ে এনে গোপন খবৰৰ ভিত্তিত দেওঁবাৰে পুৱতি নিশা  উক্ত অঞ্চলত নগাঁও বন সংমণ্ডলৰ বন সুৰক্ষা বাহিনীৰ বনাঞ্চলিক বিষয়া চেমিম আখতাৰ নেতৃত্বত বন পালক ৰঞ্জন বৰা, গৌতম বৰা, গুপ্ত বৰা, বনকৰ্মী মুক্তাৰ হুছেইন আৰু অসম বন সুৰক্ষা বাহিনীৰ জোৱান চাইফুল ইছলামকলৈ গঠিত অভিযানকাৰী দলে অভিযান চলাই মূল্যবান কাঠ সমূহ কঢ়িয়াই অনা বাহন খন জব্দ কৰিবলৈ সক্ষম হয় ৷ জব্দ কৰা বাহনখনৰ পঞ্জীয়ন নম্বৰ হৈছে এ এছ-২৫-এ চি ৫৫৮০ আৰু জব্দ কৰা মূল্যবান কাঠখিনিৰ বজাৰ মূল্য প্ৰায় লক্ষ্যধিক টকা হব বুলি বন বিভাগৰ এক সূত্ৰৰ পৰা জানিব পৰা গৈছে ৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা