গোলাঘাট পূৰ্বাঞ্চলিক মহাবিদ্যালয়ৰ প্ৰতিস্থাপক অধ্যক্ষ অনিল শৰ্মাক সম্বৰ্ধনা
আজি শিক্ষক দিৱস ১৯৮৮ চনৰ আজিৰ দিনটোত জন্ম গ্ৰহণ কৰিছিল স্বাধীন ভাৰতৰ প্ৰথম গৰাকী উপ ৰাষ্ট্ৰপতি তথা দ্বিতীয় গৰাকী ৰাষ্ট্ৰপতি ডঃ সৰ্বপল্লী ৰাধা কৃষ্ণ।ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হোৱাৰ পাছত তেওঁৰ জন্ম দিনটো তেওঁৰ জন্ম দিনটো একাংশ ছাত্ৰই পালন কৰিব বিচাৰিছিল।তেতিয়া ৰাধাকৃষ্ণণে তেওঁ জন্ম দিনটো শিক্ষক দিৱস হিচাপে পালন কৰিবলৈ পৰামৰ্শ দিছিল।১৯৬২ চনৰ পৰা আজিৰ এই দিনটো সমগ্ৰ দেশতে শিক্ষক দিৱস উদযাপন কৰি অহা হৈছে।বৰ্তমান কৰ'না মহামাৰী আতংকৰ বাবে এইবাৰ যাক জমকতাৰ বিপৰীতে সমগ্ৰ দেখতে অনুষ্টুপিয়াকৈ পালন কৰা হৈছে।আজি এই শিক্ষক দিৱসত দেৰগাঁৱৰ কাকডোঙাত গোহাঁইমেৰ ক্ৰীড়া সন্থাই পুৱা ৮:৩০ বজাত ৰাধাকৃষ্ণনৰ প্ৰতিচ্ছবিত মাল্যাপৰ্ণ কৰি শিক্ষাবিদ জনলৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ পিছতেই ,গোলাঘাট পূৰ্বাঞ্চলিক মহাবিদ্যালয় প্ৰতিষ্ঠাপক অধ্যক্ষ শিক্ষাবিদ অনিল শৰ্মাক শিক্ষা দিৱসৰ পবিত্ৰ দিনটোত গোহাঁইমেৰ ক্ৰীড়া সন্থাৰ হৈ আহমেদ হুছেইন,আৰিফুৰ ৰহমান,আকিব আহমেদ,আৰু ৰাইছুদ্দিন আহমেদ তেখেতৰ নিজা বাসগৃহত উপস্থিত হৈ সম্বৰ্ধনা জ্ঞাপন কৰে।ইফালে আজিৰ এই দিনটোত সামাজিক মাধ্যমৰ জনপ্রিয় ফেছবুক পেজ "ৰূপান্তৰ"ৰ হৈ প্ৰবীণ শিক্ষাবিদ গৰাকীৰ ঘৰত পুৱাৰ ভাগতে উপস্থিত হয় বিশিষ্ট কবি দিলৱাৰ হুছেইন ।তেখেত এখন গামোচা ,সঁফুৰা,আৰু সম্বৰ্ধনা প্ৰত্ৰ ৰে সম্বৰ্ধনা জ্ঞাপন কৰে ।পূব গোলাঘাট বাসীৰ হৃদয়ত অনিল শৰ্মাৰ মহান ত্যাগ আৰু সততা হৃদয়ত সদায় থাকিব,গুৱাহাটী বিশ্ব বিদ্যালয়ৰ পৰা ৰাজনীতি বিভাগত স্নাতকোত্তৰ ডিগ্ৰী লৈ কেৱল মাত্ৰ মানব সম্পদ গঢ় দিয়াৰ নিমিত্তে গোলাঘাট জিলাৰ হাতীয়েখোৱাৰ দৰে ভিতৰুৱা অঞ্চলত মহাবিদ্যালয় খন প্ৰতিষ্ঠা কৰি বৃহত্তৰ অঞ্চলটোলৈ শিক্ষাৰ জ্যোতি বিলাবলৈ সক্ষম হ'ল অনিল শৰ্মা,সু-দীৰ্ঘ ৩৩ টা বসন্ত বিনা বেতনেৰে শিক্ষা দান কৰি অৱসৰ গ্ৰহণ কৰা এইজন চিৰনমস্য প্ৰবীণ শিক্ষাবিদ,সমাজ সেৱক অনিল শৰ্মাৰ মহান ত্যাগক শলাগ লৈছে সচেতন মহলে। উল্লেখযোগ্য যে সুদীৰ্ঘ ৩৩ টা বছৰ বিনাবেতনে অধ্যক্ষ দৰে গুৰু দায়িত্ব পালন কৰি আহিছিল অনিল শৰ্মাই,বিভিন্ন সময়ত চৰকাৰী পক্ষৰ হেমাহিৰ বাবে সময় মতে মহাবিদ্যালয় খন প্ৰাদেশীকৰণ হৈ নুঠাৰ বাবে বিনাবেতনে অৱসৰ লব লগা হল প্ৰতিষ্ঠাপক অধ্যক্ষ অনিল শৰ্মাই, শেহতীয়াকৈ চৰকাৰে মহাবিদ্যালয় খন প্ৰাদেশীকৰণ কৰাত চৰকাৰৰ শিক্ষা বিভাগক কৃতজ্ঞতা জনাইছে।
Comments
Post a Comment