নলবাৰীৰ দুটা বাতৰি

*ৰূপক বৈশ্য, ফাৰ্ষ্ট নিউজ ৰিপোৰ্ট, নলবাৰী, ৭ ছেপ্তেম্বৰ*

নলবাৰী জিলাৰ কেন্দুকুছিৰ 'বালাজী ফুড প্ৰডাক্ট'ৰ উদ্যোগ পৰিদৰ্শন কৰাৰ উদ্দেশ্যে যোৱা শনিবাৰে উপস্থিত হয় মন্ত্ৰী ৰামেশ্বৰ তেলী । এই উদ্যোগ পৰিদৰ্শন কৰি মন্ত্ৰী তেলীয়ে কয় যে অহা বিধান সভা নিৰ্বাচনত অসমত বিজেপিয়ে পুনৰাই চৰকাৰ গঠন কৰিব ৷ বিজেপিক কোনো দলেই প্ৰতিহত কৰিব নোৱাৰে সেয়া ধূৰুপ । ইপিনে তেওঁ লগতে উল্লেখ কৰে যে ভাৰতৰবৰ্ষত অচিৰেই ২ লাখ মাইক্ৰ' উদ্যোগ প্ৰতিষ্ঠা কৰা হ’ব ।ইয়াৰে উত্তৰ পূৰ্বাঞ্চলৰ বাবে ২০ হেজাৰ এনে উদ্যোগ গঢ়ি তোলা হ’ব আৰু অসমত ইয়াৰে ১২ হেজাৰ উদ্যোগ গঢ়ি তোলা হ’ব । ইপিনে অসমৰ বিজয়নগৰ, কাৰ্বি আংলং, শোণিতপুৰ, তিনিচুকীয়া আৰু ডিফু- এই পাঁচখন ঠাইত ফুড পার্ক গঠন কৰা হ’ব । লগতে একোখন ফুড পার্কৰ অধীনত ২৫ টাকৈ ক্ষুদ্ৰ উদ্যোগ গঢ়ি তোলা হ’ব বুলিও মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে জানিবলৈ দিয়ে । উল্লেখযোগ্য কেন্দুকুছিত থকা গিৰিশ ডেকাৰ উদ্যোগ পৰিদৰ্শনৰ উদ্দেশ্যে উপস্থিত হৈছিল মন্ত্ৰী ৰামেশ্বৰ তেলী । মন্ত্ৰীগৰাকী উদ্যোগটোৰ স্বত্বাধিকাৰী গিৰিশ ডেকাৰ ঘৰত উপস্থিত হোৱাৰ পিছত গিৰিশ ডেকাসহ নলবাৰীৰ বিধায়ক অশোক শৰ্মাই মন্ত্ৰীগৰাকীক ফুলাম গামোচা আৰু জাপিৰে উষ্ম আদৰণি জনায় ।



*পূব নলবাৰী ক'চিং চেণ্টাৰৰ খেলুৱৈলৈ অসম ভলীবল মিছন-১০০ৰ পুৰস্কাৰ প্ৰদান*

*ৰূপক বৈশ্য, ফাৰ্ষ্ট নিউজ ৰিপোৰ্ট, নলবাৰী, ৭ ছেপ্তেম্বৰ*

অসম ভলীবল মিছন-১০০ ৰ বৰ্ষপূৰ্ত্তি অনুষ্ঠান উপলক্ষে বিভিন্ন কাৰ্যসূচীৰ লগত সংগতি ৰাখি অন-লাইনযোগে পুছ-আাপ, ছিট-আপ, চিয়াৰ পজিচন, বৰ্ফি জাম্প ইত্যাদি প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছিল । উক্ত প্ৰতিযোগিতাৰ ফলাফলসমূহ যোৱা ১ ছেপ্তেম্বৰত ঘোষণা কৰা হয় । ঘোষণা কৰা ফলাফল অনুযায়ী অসম ভলীবল মিছন-১০০ৰ অন্যতম ক্ৰীড়া সংগঠন পূব নলবাৰী ক'চিং চেণ্টাৰে মুঠ ৫টা পুৰস্কাৰ পাবলৈ সক্ষম হৈছে । ইয়াৰে ভিতৰত চিয়াৰ পজিচনত ছোৱালীৰ শাখাত ৰুমী কলিতা প্ৰথম, চিট-আপ প্ৰতিযোগিতাত অনন্ত কলিতা, পুছ-আপত ধনজিৎ দাস দ্বিতীয়, যীশু মেধি তৃতীয় আৰু জিলাৰ জনপ্ৰিয় ভলীবল খেলুৱৈৰ ওপৰত ১ মিনিট সময় বক্তব্য ৰাখি চিন্ময় কলিতাই প্ৰথম স্থান অধিকাৰ কৰি পূব নলবাৰী ক'চিং চেণ্টাৰলৈ গৌৰৱ কঢ়িয়াই আনিছে । আজি বিয়লি ৪-৩০ বজাত বিষ্ণুজ্যোতি হাইস্কুল খেলপথাৰ, দলুৱাত পুৰস্কাৰসমূহ অসম ভলীবল মিছন-১০০ৰ হৈ বিতৰণ কৰে পূব নলবাৰী ক'চিং চেণ্টাৰৰ সভাপতি দীপক কুমাৰ দাস, সম্পাদক হিতেশ দাস আৰু কোষাধ্য ক্ষভবেশ ভৰালীয়ে । আটায়ে মিছন-১০০ৰ প্ৰচেষ্টাক আন্তৰিকতাৰে শলাগ লৈ ধন্যবাদসহ কৃতজ্ঞতা জ্ঞাপন কৰে ।

*প্ৰেৰকঃ ৰূপক বৈশ্য, নলবাৰী*

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা