গাটকাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৱেবিনাৰৰ সফল সামৰণি
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ৬ ছেপ্টেম্বৰঃ পঞ্জাৱৰ শিখ ধৰ্মাৱলম্বী লোকসকলৰ লগত জড়িত তথা উত্তৰ পাকিস্থানৰ টেনলি আৰু গুজাৰ সম্প্ৰদায়ৰ লগত সাদৃশ্য থকা ভাৰতৰ অন্যতম সমৰকলা হৈছে গাটকা ৷ ইতিমধ্যে এই সমৰকলা বিধ খেল’ ইণ্ডিয়াৰ তালিকা ভূক্ত হৈছে ৷ এই সমৰকলা বিধৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংগঠন "গাটকা ফেডাৰেচন অৱ ইণ্ডিয়া"ৰ উদ্যোগত দুদিনীয়াকৈ এখনি ৰাষ্ট্ৰীয় গাটকা ৱেবিনাৰ অনুষ্ঠিত কৰা হয় ৷ আজি সফলতাৰে সামৰণি পৰা ৰাষ্ট্ৰীয় পৰ্যায়ৰ এই ৱেবিনাৰখনিত অসমকে ধৰি দেশৰ মুঠ ২৪ খন ৰাজ্যই অংশগ্ৰহন কৰে । এই ৱেবিনাৰত অসমৰ হৈ গুৱাহাটীৰ পৰা পাপ্পু খান আৰু বলবিন্দৰ সিং, নগাঁৱৰ পৰা মিন্টু গোস্বামী আৰু মৃণাল কুমাৰ মহন্ত, মৰিগাঁৱৰ পৰা ৰক্তিম কুমাৰ নাথৰ লগতে যোৰহাটৰ পৰা আব্দুল জলিল বৰাই ভাগ লয় । অন্যতম উদ্যোক্তা দিলীপ কুমাৰ সিঙে ৱেবিনাৰত অংশ লোৱা সকলোৰে লগত বিশিষ্ট অতিথিসকলৰ পৰিচয় কৰোৱাৰ পিছতেই আদৰণি বক্তব্য আগবঢ়ায় গাটকা ফেডাৰেচন অৱ ইণ্ডিয়াৰ সভাপতি হৰচৰণ সিং ভূল্লাৰে ৷ ৱেবিনাৰখনিত গাটকাৰ ইতিবৃত্ত, ইয়াৰ ক্ষেত্ৰ আৰু পৰিসৰ, নীতি-নিয়ম, এই সমৰকলাৰ টুৰ্নামেণ্টত অন্তৰ্ভুক্তি, ইয়াৰ ফিটনেছ তথা সফলতা আদি বিষয়ৰ ওপৰত গাটকা ফেডাৰেচন অৱ ইণ্ডিয়াৰ সাধাৰণ সম্পাদক বলজিন্দৰ সিং টূৰ, অন্যতম কৰ্মকৰ্তা ড° মনবিন্দৰ সিং, গুৰলাল সিং, জগদীশ সিং, জোৰাৱৰ সিং, ভূপিন্দৰ সিং, চিমৰণ জিৎ সিং, মনবিন্দৰ সিং আৰু ড° ৰাজিন্দৰ সিং চোহালে বক্তব্য প্ৰদান কৰে ৷
Comments
Post a Comment