নিয়োগ সংক্ৰান্তীয় কেলেংকাৰী ৰোধ কৰাত অসম চৰকাৰৰ চূড়ান্ত ব্যৰ্থতাবঙাইগাঁৱত আছুৱে দাহ কৰিলে মুখ্যমন্ত্ৰীৰ পুত্তলিকা

নিয়োগ সংক্ৰান্তীয় কেলেংকাৰী ৰোধ কৰাত অসম চৰকাৰৰ চূড়ান্ত ব্যৰ্থতা
বঙাইগাঁৱত আছুৱে দাহ কৰিলে মুখ্যমন্ত্ৰীৰ পুত্তলিকা 

বঙাইগাঁওঃ২৪ ছেপ্টেম্বৰঃ এছ আই পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলক লৈ ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ ইয়াৰ মাজতে আজি আছুৱে ৰাজ্যজুৰি আহ্বান জনোৱা প্ৰতিবাদী কাৰ্যসূচীৰ অংশ হিচাপে বঙাইগাঁৱতো সংগঠনটোৰ কৰ্মীসকলে গৃহ বিভাগৰো দায়িত্বত থকা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ নিয়োগ সংক্ৰান্তীয় কেলেংকাৰী ৰোধ কৰাত অসম চৰকাৰৰ চূড়ান্ত ব্যৰ্থতাৰ প্ৰতিবাদত আৰু উচ্চ পৰ্যায়ৰ তদন্ত কৰি দোষীক দৃষ্টান্তমূলক শাস্তি বিহাৰ দাবীত বঙাইগাঁও আঞ্চলিক ছাত্ৰ সন্থাই বঙাইগাঁও চহৰস্থিত জিলা আছুৰ মুখ্য কাৰ্যালয় ছহিদ ভৱনৰ সন্মুখৰ মূল ৰাজ পথত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ পুত্তলিকা দাহ কৰাৰ লগতে সৰ্বান্দ সোনোৱাল মুৰ্দাবাদ , সুচাৰুৰূপে পৰীক্ষা পাতিব নোৱাৰা মুখ্যমন্ত্ৰী হায় হায় ,বিজেপি চৰকাৰ লেই লেই চেই চেই আদি বিভিন্ন শ্লোগান দিয়ে ৷ ইপিনে পুত্তলিকা দাহ কাৰ্যসূচীত অংশগ্ৰহণ কৰি বঙাইগাঁও জিলা আছুৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক জ্যোতিশংকৰ চৌধুৰীয়ে সংবাদ মাধ্যমৰ আগত ৰাজ্যৰ লাখ লাখ নিবনুৱাৰ ভৱিষ্যতক লৈ হেতালি খেলা অসম চৰকাৰ তথা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক ধিক্কাৰ আৰু গৰিহণা দিয়াৰ লগতে সমগ্ৰ ঘটনাৰ উচিত তদন্ত কৰি প্ৰশ্ন কাকত ফাদিলৰ কেলেংকাৰীৰ লগত জড়িত দোষীক কৰায়ত্ত কৰি কঠোৰ শাস্তি বিহাৰ দাবী জনায় ৷ পুত্তলিকা দাহ কাৰ্যসূচীত বঙাইগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি কুলজিৎ ৰায় , সাধাৰণ সম্পাদক জগদ্বীশ ৰায়কে ধৰি আছুকৰ্মী উপস্থিত আছিল ৷ 

প্ৰণৱ কুমাৰ ডেকা 
বঙাইগাঁও

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা