বঙাইগাঁৱত আপজুৰ প্ৰতিষ্ঠা দিৱস পালন

বঙাইগাঁওঃ২২ ছেপ্টেম্বৰঃ অসম প্ৰদেশ সাংবাদিক সন্থা(আপজু) ৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিবস আজি বঙাইগাঁও চহৰৰ বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাব প্ৰাংগণত পালন কৰা হয়। কৰ'না মহামাৰীৰ পৰিপ্ৰেক্ষিতত অনুষ্টুপীয়াকৈ পালন কৰা প্ৰতিষ্ঠা দিৱস উপলক্ষে সন্থাৰ পতাকা উত্তোলন কৰে কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক হীৰকজ্যোতি মেধীয়ে ৷ পতাকা উত্তোলনত সহযোগ কৰে কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহক সদস্য মনোজ কুমাৰ শৰ্মাই ৷ ইয়াৰ পিচতে স্মৃতি তৰ্পন কাৰ্যসূচী মুকলি কৰে কেন্দ্ৰীয় সমিতিৰ কাৰ্যালয় সম্পাদক প্ৰণৱ কুমাৰ ডেকাই। অনুষ্ঠানৰ আঁত ধৰে কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক আব্দুল ছোবাহান আলীয়ে ৷ অনুষ্ঠানত চিকিৎসাধীন হৈ থকা আপজুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি কুঞ্জ মোহন ৰায়ৰ লগতে বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবৰ সভাপতি সুজিৎ কুমাৰ ৰায়ৰ আশুআৰোগ্য কামনা কৰে ৷ 

প্ৰণৱ কুমাৰ ডেকা 
বঙাইগাঁও 

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা